মানকাচৰ : শিশুক হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ। চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰাৰ সন্দেহ। মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত।
দক্ষিণ শালমাৰ-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত জোৰডাঙ্গাৰ কালো নদীত এটি অচিনাক্ত শিশুৰ মৃতদেহ উদ্ধাৰ।হৈছে। অৰ্ধগলিত মৃতদেহটি ১ বছৰীয়া শিশুৰ হ’ব বুলি ধাৰণা কৰা হৈছে।
লগতে পঢ়ক : চাৰিবছৰৰ মূৰত বাংলাদেশৰ পৰা স্ব-ভূমিত উপস্থিত হ’ল মুকুল হাজৰিকা
শিশুটিৰ পিঠিত চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰাৰ স্পষ্ট চিহ্ন দেখা দেখিবলৈ পোৱা গৈছে। মানকাচৰ আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।