দেশজুৰি চলা ক’ভিড-১৯ৰ প্ৰথমটো ল’কডাউনে এটা বছৰ পাৰ কৰিলে। এই লকডাউনে দেশৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ লগতে কোটি কোটি প্ৰব্ৰজিত তথা বিভিন্ন খণ্ডত জড়িত শ্ৰমিকৰ জীৱনলৈ আন্ধাৰ নমাই আনিছিল।

যোৱা এটা বছৰত ল’কডাউনে দেশৰ অৰ্থনীতি আৰু শ্ৰমখণ্ডৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে বুধবাৰে আজিম প্ৰেমজি বিশ্ববিদ্যালয়ে ‘‘State of Working India 2021: One Year of Covid-19’ শীৰ্ষক এখন প্ৰতিবেদন প্ৰকাশ কৰে।

উক্ত প্ৰদিবেদনত কেতবোৰ অতি উদ্বিগ্নজনক তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনৰ মতে ল’কডাউনৰ সময়ছোৱাত প্ৰায় ১০ কোটি (১০০ মিলিয়ন) লোকে সংস্থাপন হেৰোৱাব লগা হৈছিল আৰু ইয়াৰে প্ৰায় ১.৫কোটি (১৫ মিলিয়ন) শ্ৰমিক এতিয়াও কৰ্মসংস্থাপনহীন হৈ আছে।

চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে দুৰ্দশাগ্ৰহস্ত লোকসকলক কিছু পৰিমাণে সকাহ দিছে যদিও বহু ক্ষতিগ্ৰস্ত পৰিয়াল আৰু শ্ৰমিক ইয়াৰ পৰা বাদ পৰি ৰৈছে।

ইংৰাজীত পঢ়িবলৈ : One year of COVID-19 increased poverty, 15 mn still jobless: Report

প্ৰতিবেদনৰ মুখ্য তথ্যসমূহ

চাকৰি, উপাৰ্জন আৰু কৰ্মসংস্থাপহীনতা

  • বিগত বৰ্ষৰ এপ্ৰিল-মে’ মাহত প্ৰায় ১০ কোটি (১০০ মিলিয়ন) লোকে চাকৰি হেৰুৱাইছিল। জুন মাহৰ ভিতৰত অধিক সংখ্যক লোকে পুনৰ কামত যোগ দিছিল যদিও বছৰটোৰ শেষ পৰ্য্যন্ত ১.৫ কোটি লোক কৰ্মসংস্থাপনহীন হৈ ৰয়।
  • ২০২০ চনৰ অক্টোবৰত মাহেকীয়া গড় জনমূৰি আয় আছিল ৪,৯৭৯ যিটো ২০২০ চনৰ জানুৱাৰী মাহতকৈ (৫,৯৮৯ টকা) কম।
  • চলা-ফুৰাত বাধা নিষেধ জাৰি কৰাৰ ফলত বহু লোকে উপাৰ্জনৰ পথ হেৰোৱাব লগা হৈছিল। চলা-ফুৰাৰ হাৰ ১০ শতাংশ তললৈ নমাত উপাৰ্জনৰ হাৰ ৭.৫ শতাংশ হ্ৰাস পায়।

মহিলা আৰু কম বয়সীয়া শ্ৰমিকসকল অধিক ক্ষতিগ্ৰস্ত

  • ল’কডাউনৰ আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত মাত্ৰ ১৯ শতাংশ মহিলাৰহে চাকৰি বাচি থাকিল, ৪৭ শতাংশ মহিলাই তেওঁলোকৰ চাকৰি হেৰোৱায়। পুৰুষৰ ক্ষেত্ৰত ৬১ শতাংশৰ চাকৰি বাচি থাকে আৰু ৭ শতাংশই সংস্থাপন হেৰোৱাব লগা হয়।
  • কম বয়সীয়া শ্ৰমিকসকল অধিক বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ১৫ৰ পৰা ২৪ বছৰ বয়সৰ ৩৩ শতাংশ শ্ৰমিকে ২০২০ চনৰ ডিচেম্বৰৰ লৈকে সংস্থাপনহীন হৈ থাকিব লগা হয়। ২৫ৰ পৰা ৪৪ বয়সৰ শ্ৰমিকৰ ক্ষেত্ৰত এই হাৰ হ’ল ৬ শতাংশ।

অংসগঠিত বৃত্তি বৃদ্ধি পায়

  • ল’কডাউনৰ পিছত, বেছিভাগ শ্ৰমিকেই অসংগঠিত আৰু অনিশ্চিত ধৰণৰ বৃত্তিত সোমাই পৰে। ২০১৯ চনৰ শেষভাগৰ পৰা ২০২০ চনৰ শেষলৈকে প্ৰায় ৫০ শতাংশ নিয়মীয়া দৰ্মহাপ্ৰাপ্ত শ্ৰমিকে নিজৰ বৃত্তি সলনি কৰিব লগা হয়। ইয়াৰে ৩০ শতাংশই আত্মনিয়োজন, ১০ শতাংশই সাময়িক শ্ৰমিক আৰু ৯ শতাংশই অসংগঠিত খণ্ডৰ শ্ৰমিকলৈ নিজৰ বৃত্তি সলনি কৰে।   

দুখীয়া পৰিয়াল বিলাকৰ অৱস্থা; দৰিদ্ৰতা আৰু অসমতা বৃদ্ধি পায়

  • সকলো শ্ৰেণীৰ লোকৰ উপাৰ্জন হ্ৰাস পাইছে যদিও ক’ভিড মহামাৰীয়ে দুখীয়া পৰিয়াল বিলাকৰ ওপৰত আটাইতকৈ বেয়াকে মাধমাৰ শুধাইছে। বিগত বৰ্ষৰ এপ্ৰিল আৰু মে’ মাহত ২০ শতাংশ দুখীয়া পৰিয়ালে তেওঁলোকৰ সমষ্ট উপাৰ্জন হেৰোৱাই পেলায়। ইয়াৰ বিপৰীতে ধনী পৰিয়াল বিলাকৰ ক্ষতিৰ পৰিমাণ তেওঁলোকৰ উপাৰ্জনৰ এক চতুৰ্থাংশতকৈ কম।
  • অনুপ ছটপাঠি কমিটিয়ে পৰামৰ্শ দিয়া ৰাষ্ট্ৰীয় নিম্নতম মজুৰি ৰাশি (national minimum wage threshold) ৰ (৩৭৫ টকা) তলত পৰা লোকৰ সংখ্যা মহমাৰীৰ সময়ছোৱাত ২৩ কোটিলৈ বৃদ্ধি পায়। ফলত গাঁৱত দৰিদ্ৰতাৰ হাৰ ১৫ শতাংশ আৰু নগৰ অঞ্চলত প্ৰায় ২০ শতাংশলৈকে বৃদ্ধি পায়।

বহু পৰিয়ালে খাদ্যৰ অভাৱত আৰু ঋণৰ ওপৰত ভেঁজা দি চলিব লগা হৈছিল

  • পৰিয়াল বিলাকে খাদ্য গ্ৰহণৰ পৰিমাণ কমাই, সম্পত্তি বিক্ৰী কৰি আৰু পইচা ধাৰ কৰি আনি চলিবলৈ চেষ্টা কৰে। Azim Premji University Covid Livelihoods Phone Surveyত ৯০ শতাংশ ৰেস্পণ্ডেণ্টে (প্ৰশ্নৰ উত্তৰ দিওঁতা) ল’কডাউনৰ ফলত খাদ্য গ্ৰহণৰ পৰিমাণ হ্ৰাস পোৱা বুলি কয়। ২০ শতাংশৰ মতে ল’কডাউনৰ ৬ মাহ পিছলৈকে তেওঁলোকে সঠিক পৰিমাণে আহাৰ গ্ৰহণ কৰিব পৰা নাছিল।  

চৰকাৰৰ পদক্ষেপ সকাহ দিছে, কিন্তু বহু লোক বাদ পৰি ৰৈছে

  • জন ধন যোজনাতকৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাই (PDS) বেছি লোকক সামৰি পাৰিছে। কেইবাটাও সমীক্ষাত কৰা হিচাপ অনুসৰি প্ৰায় ৯০ শতাংশ পৰিয়ালৰে ৰেছন কাৰ্ড আছে কিন্তু জন ধন যোজনাৰ সুবিধা বহুত কম অংশই হে পাইছে। কেৱল প্ৰায় ৫০ শতাংশ পৰিয়ালৰহে জন ধন একাউণ্ট আছে।
  • দ্য ইণ্ডিয়া ৱৰ্কিং ছাৰ্ভে (২০২০ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰত কৰ্ণাটক আৰু ৰাজস্থানৰ মূলত গাঁও অঞ্চলত চলোৱা এক ৰেণ্ডম ছাৰ্ভে)ৰ মতে যোগ্যতা ভিত্তিত ৰেছন কাৰ্ড থকা ৬৫ শতাংশই PMGKYৰ অধীনত আবণ্টিত ৰেছন লাভ কৰাৰ বিপৰীতে বাকি ৩৫ শতাংশই কেৱল PDSৰ অধীনত লাভ কৰা নিয়মীয়া ৰেছন লাভ কৰে।

বৰ্তমান দেশত ক’ভিডৰ দ্বিতীয়টো ধৌৱে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উক্ত প্ৰতিবেদনে কেতবোৰ জৰুৰী কৰ্মনীতি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে :

  • জুন মাহৰ পৰা অন্ততঃ এই বছৰৰ শেষলৈকে PDSৰ অধীনত বিনামূলীয়া ৰেছন প্ৰদান।
  • কেৱল জন ধন একাউণ্ট বোৰতে সীমাবদ্ধ নাথাকি যিমান পাৰি সিমান দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ একাউণ্টত ৩ মাহৰ বাবে ৫০০০ টকাকৈ প্ৰদান কৰা ব্যৱস্থা কৰিব লাগে।
  • এমএনৰেগা আঁচনি ১৫০ দিনলৈ বৃদ্ধি কৰিব লাগে। আঁচনিখনৰ বাজেট অন্ততঃ ১.৭৫ লাখ কোটিলৈ বৃদ্ধি কৰিব লাগে।
  • আটাইটকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ এখন পাইলট নগৰ নিয়োজন আঁচনি আৰম্ভ কৰিব লাগে, পাৰিলে মহিলা শ্ৰমিকসকলক অধিক গুৰুত্ব দিব লাগে।
  • বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰত কেদ্ৰৰ বৰঙণি অন্ততঃ ৫০০ টকালৈ বৃদ্ধি কৰিব লাগে।
  • Building and Other Construction Workers (BoCW)ৰ অধীনত নিৰ্মাণখণ্ডত কাম কৰা সকলো এমএনৰেগা কৰ্মীক স্বয়ংক্ৰিভাৱে তালিকাভুক্ত কৰা যাতে তেওঁলোকে সামাজিক নিৰাপত্তাৰ সুবিধাসমূহ লাভ কৰিব পাৰে।  
  • ২৫ লাখ অংগনবাড়ী আৰু আশা কৰ্মীক ৩০,০০০ টকাৰ (প্ৰতি মাহে ৫,০০০ টকাকৈ ৬ মাহৰ বাবে) ক’ভিড হাৰ্ডশ্বিপ ভাত্তা প্ৰদান কৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply