জনীয়া : বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লীত ১৮ মাত্চত প্ৰেমিকক হাত ভৰি বান্ধি প্ৰহাৰ কৰা ঘটনাক লৈ বিশেষ ভাবে চৰ্চা চলিছে অঞ্চলটোত।
ঘটনাৰ বিবৰণি মতে খাৰবাল্লী গাঁৱৰ আবু বক্কাৰ ছিদ্দিকৰ পুত্ৰ ছাদ্দাম হুছেইন কৰ্মসূত্ৰে চেন্নাইত থাকে। ছাদ্দামৰ প্ৰেমৰ সম্পৰ্ক আছিল বলাইপাথাৰ গাঁৱৰ এগৰাকীৰ সৈতে। ছাদ্দামে প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ অহাৰ সময়তে প্ৰেমিকাৰ পিতৃ ছবুৰ উদ্দিনৰ সহযোগত কলগাছিয়াৰ পেট্ৰলপাম্পৰ পৰা আটক কৰি গছত বান্ধি উত্তম-মধ্যম সোধাই প্ৰেমিকাৰ পৰিয়ালৰ লগতে স্থানীয় একাংশ ৰাইজে।

বলাইপাথাৰ গাঁৱৰ ছবুৰ উদ্দিনৰ নাবালিকা কন্যাৰ লগত খাৰবাল্লী গাঁৱৰ আবু বক্কাৰ ছিদ্দিকৰ পুত্ৰ ছাদ্দাম হুছেইনৰ বহুদিনৰ পৰাই প্ৰেমৰ সম্পৰ্ক আছিল। ছাদ্দাম হুছেইন কৰ্মসূত্ৰে চেন্নাইত থকাৰ বাবে ফোনতেই চলি আছিল প্ৰেমৰ সম্পৰ্ক। শুকুৰবাৰে চেন্নাইৰ পৰা প্ৰেমিকাক সাক্ষাৎ কৰিব আহি ৰাইজৰ হাতত প্ৰেমিক ছাদ্দামে ধৰা পৰে।

ৰাইজে দৌৰি দৌৰি আটক কৰি গছত বান্ধি থৈ আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ছাদামক উদ্ধাৰ কৰি থানালৈ লৈ যায়। সম্প্ৰতি প্ৰেমিক ছাদ্দামক প্ৰদান কৰা শাস্তিক লৈও অঞ্চলটোত দুটা মত। নাবালিকা গৰাকীক বিভিন্ন প্ৰলোভনেৰে ছাদামে ভাল পোৱাৰ অভিনয় কৰাৰ অভিযোগ প্ৰেমিকাৰ পৰিয়ালৰ লোকৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply