সোণাৰি: আলফা (স্বা)ত যোগদান কৰিবলৈ আহি পুনৰ সোণাৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক । আটকাধীন যুৱকজনৰ নাম দ্বীপজ্যোতি শইকীয়া। আসাম ৰাইফলচ আৰু সোণাৰি আৰক্ষীৰ যুটীয়া অভিযানত আটক হল যুৱকজন।

আটকাধীন যুৱকজনৰ ঘৰ কাৰ্বি আংলং জিলাৰ বৈঠালাংচু আৰক্ষী থানাৰ অন্তৰ্গত ৰূপপথাৰ গাঁওত বুলি জানিব পৰা গৈছে। আলফা (স্বা)ৰ সদস্যৰ ফেচবুক যোগে যোগাযোগ কৰি নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ আহিছিল যুৱকজন।
আটকাধীন যুৱকজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত 206/2021 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120 B/121/121A R W 10/13/18 B uA (p)Act ৰ অধীনত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক-ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ,নামতোলা বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ


মন কৰিবলগীয়া যে কেইটামান দিনৰ পূৰ্বেও ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা সাতজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল চৰাইদেউ আৰক্ষী।

ইয়াৰ পৰিপ্ৰেক্ষিতত আছলতে আলফা স্বাধীনৰ সদস্য ফেচবুকত সক্ৰিয় হৈ থকাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।

লগতে পঢ়ক-বৰ্ষাপাৰাৰ ডকাইতিকাণ্ডত জড়িত আৰক্ষীৰ লোক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply