অসম চৰকাৰে অসম নাগালেন্ডৰ সীমা সমস্যাক লৈ উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ থকাৰ দোহাই দি গুৰুত্ব নিদিয়াৰ ফলতেই আজি ইমান দিনে সীমা সমস্যাই সমাধানৰ মুখ দেখা নাই । ইয়াৰে সুযোগ লৈ নাগালেন্ডে ধনশিৰি মহকুমাৰ এ বি আৰু চি চেক্টৰত মহকুমা স্থাপন কৰাৰ লগতে বহু গাঁও স্থাপন কৰিছে ।
এইবাৰ অসমৰ সীমাত থকা তেলৰ ভান্ডাৰত চকু নাগালেন্ড প্ৰশাসনৰ । সীমান্তৰ বি চেক্টৰত থকা অ’এন জি চি তৈলখাদ যোৱা ১৫ দিনে বন্ধ কৰিছে নাগালেন্ড প্ৰশাসনে । ডিমাপুৰ জিলা প্ৰশাসনে এই সম্পৰ্কে যোৰহাটৰ চিনামৰাত থকা কাৰ্যালয়লৈ পত্ৰ লিখিছে।
নাগালেণ্ডৰ আগ্ৰাসনত বন্ধ হৈ আছে ONGCৰ কাম-কাজ। পিহেখু, ট’কিচে আৰু নিকেহি নামৰ নগা গাঁও কেইখনত থকা তিনিটাকৈ স্থান নাগালেণ্ডৰ বুলি দাবী কৰি নাগালেণ্ড চৰকাৰে বন্ধ কৰিলে খননকাৰ্য। বিষয়টো পেট্ৰ’লিয়াম মন্ত্ৰণালয়ক অৱগত ONGCৰ শীৰ্ষ বিষয়াৰ।
এই গাঁও কেইখন ডিমাপুৰ জিলাৰ নিউলেন্ড মহকুমাৰ অন্তৰ্গত বুলি দাবী কৰে নাগালেন্ডে । ১ জুনতে পত্ৰ প্ৰেৰণ কৰাৰ পিছত তিনিজুনৰ পৰা সকলো কামকাজ বন্ধ ৰাখিছে অ’এন জি চিয়ে । বিষয়টোৰ সম্পৰ্কে জ্ঞাত কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰো । কিন্তু যোৱা সময়চোৱাত কাৰো মুখৰ মাত নাই এই সম্পৰ্কে ।
লগতে পঢ়ক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি গঢ়ি তোলাৰ সংগ্ৰামত নামিছে বিধায়ক মৃণাল শইকীয়া