কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে এতিয়াৰে পৰা অনলাইন বুকিঙৰ সুবিধা পাব । ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এমট্ৰনৰ যোগেদি অনলাইন বুকিঙৰ ব্যৱস্থা কৰিছে । বিহুৰ পাছৰে পৰা এই সুবিধা ৰাষ্ট্ৰিয় উদ্যানত উপলব্ধ হ’ব । প্ৰথম অৱস্থাত জীপ ছাফাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব এই অনলাইন বুকিং ব্যবস্থা।
পৰৱৰ্তী সময়ত হাতী ছাফাৰীৰ ক্ষেত্ৰতো অনলাইন বুকিঙৰ ব্যৱস্থা থাকিব । ইতিমধ্যে পৰ্যটকৰ বাবে ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় উদ্যানৰ সকলো জীপছী গাড়ীৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিয়া হৈছে । অহা ১৫ এপ্ৰিলৰ ভিতৰত গাড়ী পঞ্জীয়ন কৰিব লাগিব । তাৰবাবে WWW.kazirangasafari.in নামেৰে এটা ৱেবছাইট মুকলি কৰা হৈছে । নতুন ব্যবস্থাৰ দ্বাৰা পৰ্যটক সকলৰ ক্ষেত্ৰতো সুবিধা হ’ব বুলি আশা কৰা হৈছে।