হাটশিঙিমাৰী : সোমবাৰৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আৰম্ভ হ’ল অনলাইন বেংকিং উপ ডাকঘৰ। জিলা অতিৰিক্ত উপায়ুক্ত-গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষকৰ উপস্থিতিত মুকলি হ’ল নতুন অনলাইন বেংকিং উপ ডাকঘৰ। অতিৰিক্ত উপয়ুক্ত লক্ষ্মী কুটমে ৰঙা ফিতা কাটি উপ ডাকঘৰখন আনুষ্ঠানিকভাৱে শুভাৰাম্ভ কৰে।

নামনি অসমৰ পশ্চিম প্ৰান্তৰ বাংলাদেশ সীমান্তৰ লগত সংলগ্ন নৱ গঠিত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আনুষ্ঠানিকভাৱে অনলাইন বেংকিং যুক্ত এখন উপ ডাকঘৰ মুকলি কৰা হয়। জিলাৰ সদৰ হাটশিঙিমাৰীৰ মহামায়া নগৰত জিলা অতিৰিক্ত উপয়ুক্ত লক্ষ্মী কুটমে ৰঙা ফিতা কাটি উপ ডাকঘৰখন আনুষ্ঠানিকভাৱে শুভাৰাম্ভ কৰে। এই ডাক ঘৰ শুভাৰাম্ভ অনুষ্ঠানত সমল ব্যক্তি হিচাপে জিলা অতিৰিক্ত উপায়ুক্ত লক্ষী কুটম আৰু গোৱালাপাৰা ডাক সংমণ্ডলৰ অধীক্ষক দেৱৰাজ শেঠী উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সহকাৰী ডাক অধীক্ষক কুমাৰ ৰঞ্জন ৰায় আৰু ৰাতুল শৰ্মা।

লগতে পঢ়ক :  ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীক আৰ্থিক সাহায্যৰ দাবী

সোমবাৰৰ পৰা জিলখনৰ সৰ্বসাধাৰণ লোকে এই হাটশিঙিমাৰী উপ ডাকঘৰৰ জৰিয়তে অনলাইন যুক্ত ছেভিংছ বেংক সেৱা, স্পীড পোষ্ট, ৰেজিষ্টাৰ পোষ্ট, পাৰ্চেল বুকিং, ইলেক্ট্ৰনিক মানি অৰ্ডাৰ সেৱাৰ উপৰিও অত্যাধুনিক ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ সুবিধা লাভ কৰিব। অসম তথা ভাৰতৰ ভিতৰতেই ভৌগলিক তথা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ জিলাখনৰ যোগাযোগ তথা বেংকিং সেৱাৰ ক্ষেত্ৰত এক নতুন দিশৰ সুচনা হ’ব বুলি আশা কৰা হৈছে। আনহাতে হাটশিঙিমাৰীৰ এই উপ ডাকঘৰৰ জৰিয়তে ভাৰত চৰকাৰৰ বিভিন্ন আৰ্থিক সুৰক্ষা আঁচনি যেনে প্ৰধান মন্ত্ৰী বীমা যোজনা, প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, অটল পেঞ্চন যোজনাৰ সুবিধা আজিৰে পৰাই জিলখনৰ ৰাইজৰ বাবে উপলব্ধ হ’ব বুলি ডাক অধীক্ষক দেৱৰাজ শেঠীয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply