গুৱাহাটী : যোগাসনে শাৰীৰিক, মানসিক, বৌদ্ধিক, আত্মিক সকলো দিশৰ বিকাশ সাধন কৰে। ক’ভিড মহামাৰীৰ লগতে লকডাউনৰ এই জটিল সময়তছোৱাত যাতে সকলোৱে ঘৰতে থাকি যোগাসনৰদ্বাৰা এক সুস্থ সবল শৰীৰত অধিকাৰী হ’ব পাৰে এই উদ্দেশ্যি ৰাজ্যিক বিজেপিয়ে সমগ্ৰ ৰাজ্যজুৰি আয়োজন কৰা সাতদিনীয়া “অনলাইন যোগাসন শিবিৰ”ৰ সোমবাৰে সফল পৰিসমাপ্তি ঘটে।

সোমবাৰে অনলাইন যোগাসন শিবিৰৰ সপ্তম তথা অন্তিম দিনৰ কাৰ্যসূচী উপলক্ষে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু কিৰণ ৰিজিজু, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু ‘স্বামী বিবেকানন্দ যোগ অনুসন্ধনা সংস্থা’ৰ উপাচাৰ্য্য ডঃ এইচ আৰ নগেন্দ্ৰ উপস্থিত থাকে৷ এই সাতদিনীয়া অনলাইন শিবিৰৰ প্রতিটো দিনেই ৰাজ্যিক বিজেপিৰ মৰ্চাসমূহৰ নেতৃত্বত পৰিচালিত হৈছিল।

লগতে পঢ়ক : অক্সিজেনৰ অভাৱত মাছৰ মৃত্যু : অৱশেষত স্থানান্তৰ কৰা হ’ল মাছ

উল্লেখ্য যে যোৱা ২৫ মে’ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভনি কৰা সমগ্ৰ অনুষ্ঠানটোত মূল প্ৰশিক্ষকৰ দায়িত্বত আছিল হোজাই সমষ্টিৰ বিধায়ক তথা দলৰ জোষ্ঠ নেতা ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply