গুৱাহাটী : গুৱাহাটী মহানগৰীত মুকলি হল আৰু এটা নতুন কেৱ সেৱা। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে গুৱাহাটী মহানগৰীত মুকলি কৰা হয় উল্টা কেৱ নামৰ নতুন কেৱ সেৱা। নতুনকৈ মুকলি কৰা এই উল্টা কেৱ সেৱাৰ জৰিয়তে সংস্থাপন লাভ কৰিব ৰাজ্যৰ নিবনুৱা সকলে।
বিশ্বব্যাপী ক’ভিড মহামাৰীৰ বাবে সমগ্ৰ বিশ্বৰে অৰ্থনীতি ভাঙি পৰিছে। ক’ভিড মহামাৰীৰ ব্যাপক প্ৰভাৱ পৰিছে ভাৰতৰ অৰ্থনীতিৰ ওপৰতো। বহু বৃহৎ বৃহৎ উদ্যাগৰ লগতে বহু ক্ষুদ্ৰ উদ্যাগ ক’ভিড মহামাৰীৰ ফলত বন্ধ হৈ পৰাত কৰ্মসংস্থাপন হেৰুৱাইছে লাখ লাখ লোকে। বহিঃৰাজ্যত কৰ্মৰত অসমৰ বহু যুৱক-যুৱতী উভতি আহিবলগীয়া হৈছে ৰাজ্যত।
অৰ্থনীতিৰ মহাসংকটৰ এই সময়ছোৱাত ৰাজ্যৰ নিবনুৱা সকলৰ বাবে এক আশাৰ কিৰণ লৈ আগুৱাই আহিছে তপন কুমাৰ ভূঞা নামৰ এগৰাকী ব্যৱসায়ীয়ে। তপন কুমাৰ ভূঞা নামৰ ব্যৱসায়ীজনৰ নেতৃত্বত জন্ম লাভ কৰিছে উল্টা কেৱ নামৰ এক নতুন কেৱ সেৱা। অতি কম মূল্যত উল্টা কেৱ সেৱাৰ গ্ৰাহক সকলে এঠাইৰ পৰা আনঠাইলৈ যোৱাৰ সুবিধা লাভ কৰিব।
বাইক, অটোৰ পৰা বিলাসী চাৰিচকীয়া বাহন উপলব্ধ হ’ব উল্টা কেৱ সেৱাত। কেৱল মাত্ৰ গুৱাহাটী মহানগৰীতে সীমাবদ্ধ নাথাকি এই সেৱা ৰাজ্যৰ বিভিন্ন অঞ্চলত উপলব্ধ হ’ব। ৰাজ্যজুৰি এই সেৱা উপলব্ধ হোৱাৰ ফলত ইয়াৰ জৰিয়তে বৃহৎ সংখ্যক নিবনুৱা সকলে সংস্থাপন লাভ কৰিব।
লগতে পঢ়ক- হোজাইত ভুৱা পাচপৰ্ট, ভোটাৰ কাৰ্ড আৰু আধৰ কাৰ্ডসহ তিনিজনক গ্ৰেপ্তাৰ