মাৰ্ঘেৰিটা: প্রায় দুবছৰে বন্ধ হৈ থকা মাৰ্ঘেৰিটা মহকুমাৰ ৰাজহুৱা খণ্ডৰ কয়লা উদ্যোগটো উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ আজি টিকক কলিয়ৰীত সম্প্রসাৰিত উৎপাদন গোট মুকলি কৰি উদ্যোগটোৰ প্রাণ সঞ্চাৰ কৰিলে কেন্দ্রীয় কয়লা দপ্তৰৰ মন্ত্রী প্রহ্লাদ যোশী আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই |

উল্লেখ্য যে ২০২০ চনৰ তিনিজুনৰ পৰা পৰিবেশ সংক্ৰান্ত্রীয় কাৰণৰ বাবে উদ্যোগটোৰ উৎপাদন বন্ধ হৈ পৰিছিল | উদ্যোগটোৰ উৎপাদন পুনৰ মুকলি কৰণৰ লগত সংগতি ৰাখি আয়োজিত সভাত কেন্দ্রীয় মন্ত্রী যোশীয়ে বন্ধ হৈ পৰা উদ্যোগটোৰ পুনৰ মুকলি কৰাৰ ক্ষেত্রত সকলো বাধা নীতি নিয়মৰ মাজেৰে আঁতৰ কৰাৰ বাবে ক্ষীপ্রতাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লোৱা ভুমিকাক প্রশংসা কৰে |

প্রধান মন্ত্রীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দ্রুত উন্নয়ন বাবে সদায়ে গুৰুত্ব আৰোপ কৰি আহিছে | প্রধানমন্ত্রীৰ সহযোগ অবিহনে আজি এই উদ্যোগটো পুৰুজ্জীৱিত কৰা সম্ভৱ নহল হেঁতেন বুলিও মত প্রকাশ কৰে |অতি উচ্চ মানৰ কয়লা উৎপাদন হোৱা উত্তৰ পূৱ কয়লাক্ষেত্রৰ পুনৰ মুকলি কৰণ আৰু পৰবৰ্তী সময়ত ইয়াক বৰ্দ্ধিত কৰণ হলে স্থানীয় বিভিন্ন উদ্যোগ লাভবান হোৱাৰ লগতে নিয়োগৰ সুবিধা বৃদ্ধি পাব বুলি মন্তব্য কৰে |

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভাষনত কয় যে মাৰ্ঘেৰিটাত নিৰ্বাচনী প্রচাৰ চলাবলৈ আহি ভাৰতৰ গৃহ মন্ত্রী অমিত শ্বাহ আৰু নিজে দিয়া প্রতিশ্রুতি আজি বাস্তবত পৰিণত হ’ল । নিৰ্বাচনত বিজেপি দলৰ চৰকাৰ আহিলে মাৰ্ঘেৰিটাৰ কয়লা উদ্যোগ পুনৰ মুকলি কৰাত চৰকাৰে পদক্ষেপ গ্রহণ কৰিব বুলি দিয়া প্রতিশ্রুতি চৰকাৰ গঠনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই পুৰণ কৰিবলৈ সক্ষম হ’ল বুলি মন্তব্য কৰি ড০ শৰ্মাই প্রধান মন্ত্রী আৰু কেন্দ্রীয় কয়লা মন্ত্রীৰ প্রশংসাত পঞ্চমুখ হৈ পৰে ।

প্রধান মন্ত্রী নৰেন্দ্র মোদীৰ আৰ্শীবাদ আৰু কয়লা মন্ত্রী প্রহ্লাদ যোশীৰ সহযোগ পালে অসমৰ উন্নয়নৰ গতি আৰু খৰতকীয়া হব বুলি মন্তব্য কৰে । এশ বছৰৰ অধিক পুৰণি মাৰ্ঘেৰিটাৰ কয়লা উদ্যোগ যি বোৰ কাৰণত বন্ধ হৈ পৰিছিল সেই বাধা সমূহ আঁতৰ কৰি পুনৰ আৰম্ভ কৰাৰ ফলত মাৰ্ঘেৰিটাৰ অৰ্থনীতিত যি স্থিতাৱস্থা আহিছিল সেইয়া আঁতৰ হব বুলি আশা কৰি কেন্দ্রীয় কয়লা দপ্তৰৰ মন্ত্রী গৰাকীক লেখাপানীৰ প্রস্তাৱিত কয়লা ভিত্তিক তাপ বিদ্যুত প্রকল্প আৰম্ভ কৰাৰ বাবে পদক্ষেপ লোৱাৰ আহবান জনায় ।

উদ্যোগটো পুনৰ মুকলি কৰণৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ প্রচেষ্টাৰ কথা অৱগত কৰি কয় যে কয়লাৰ উৎপাদন অব্যাহত ৰখাৰ সামান্তৰাল ভাবে পৰিবেশ সুৰক্ষা বিষয়টো গুৰুত্ব দিয়া হব । সভাত ক’ল ইণ্ডিয়াৰ চেয়াৰমেন প্রমোদ আগৰৱালে মুখ্যমন্ত্রী আৰু কয়লা দপ্তৰৰ কেন্দ্রীয় মন্ত্রীয়ে কয়লা উদ্যোগটো পুনৰ সক্ৰিয়কৰণৰ ক্ষেত্রত লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে চলিত বৰ্ষত দুই লাখ টন কয়লা উৎপাদনৰ লক্ষ্য ৰখা হৈছে আৰু ২০২৩/২৪চনত এই লক্ষ্য পাঁচ লাখ টনলৈ বৃদ্ধি কৰা হব |

অসমত প্রায় চাৰে চাৰিশ মিলিয়ন টন কয়লা ভাণ্ডাৰ থকা বুলি প্রকাশ কৰে চেয়াৰমেন গৰাকীয়ে । আজিৰ অনুষ্ঠানত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, মন্ত্রী যোগেন মহন, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা , উত্তৰ পূৱ কয়লা ক্ষেত্রৰ মহা প্রৱন্ধক সৌন্দৰ্য্য প্রসাদ দত্ত আদি উপস্থিত থাকে। অন্যহাতে মাৰ্ঘেৰিটা ক’ল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত ক’ল ইণ্ডিয়াৰ উচ্চ পদস্ত বিষয়া তথা শ্ৰমিক সংগঠনৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ মাজতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এটা প্ৰতিনিধিদলে জিলা সাংবাদিক সন্থাৰ ভৱন নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীক এখন পত্ৰ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply