আজিৰে পৰা মহানগৰীত পৰিবহন বিভাগে চলাব দ্বিতীয় পৰ্যায়ৰ অপাৰেশ্যন ছাৰখাৰ অভিযান।
কৰ নিদিয়া বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে চলাব এই কঠোৰ অভিযান।
জানিব পৰা মতে, কৰ নিদিয়া বাহন ৰাজ পথত উলিয়ালে ভৰিব লাগিব বৃহৎ পৰিমানৰ জৰিমনা। লগতে আপোনাৰ বাহন জব্দ পৰ্যন্ত হব পাৰে।
মহানগৰীৰ যিকোনো প্ৰান্তত যিকোনো সময়তে অব্যাহত থাকিব এই অভিযান।