ৰে’লৰ মাটি বহিৰাগত পুঁজিপতিক গতাই দিয়াৰ লগতে নগাঁও আৰু কাছাৰৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত ১১ টাকৈ ৰাজনৈতিক দলৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী।
কংগ্ৰেছ, ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, অসম জাতীয় পৰিষদ্, ৰাইজৰ দল, আম আদমি পার্টি, চি পি আই (এম), চি পি আই, চি পি আই (এম এল), আঞ্চলিক গণ মৰ্চা, লিবাৰেল ডেম’ক্রেটিক পার্টি আৰু আৰ জে ডিয়ে সম্মিলিতভাৱে ৰে’ল বিভাগৰ মাটি বহিৰাগত পুঁজিপতিক গতাই দিয়াৰ তীব্ৰ বিৰোধী কৰি গুৱাহাটী ক্লাবত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
বহিৰাগত পুঁজিপতিক ৰে’লৰ মাটি গতাই দিয়াৰ সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰৰ ওচৰত হেঁচা দিবলৈ অসম চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰে ১১ টাকৈ ৰাজনৈতিক দলে। কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ৰ অধীনৰ সংস্থা বে’ল-ভূমি উন্নয়ন কর্তৃপক্ষই গুৱাহাটীৰ মাজমজিয়াত থকা ৰে’ল বিভাগৰ বৃহৎ ভূমি তিনিজনকৈ বহিৰাগত পুঁজিপতিৰ হাতলৈ পানীৰ দামত বিক্ৰী কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপন কৰে দল কেইটাই।
অসমৰ ১১ টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলে ৰাজ্যৰ ৰাজহুৱা সম্পদবোৰ বেচৰকাৰী খণ্ডৰ হাতলৈ হস্তান্তৰ কৰাৰ তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে নগাঁও আৰু কাছাৰ কাগজ কল অতি শীঘ্ৰে পুনৰুজ্জীৱিত কৰাৰ দাবী জনায়।