অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাবনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে সকলো বিৰোধীয়ে।বিধানসভাত প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ পিছতে বিৰোধী পক্ষই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি এক সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে ।

কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি এম আৰু বিধায়ক অখিল গগৈয়ে । ঐক্যবদ্ধভাৱে এই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰি হাতে হাতে প্লে’ কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰলৈ উঠি আহি প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে ।

কিন্তু অধ্যক্ষই বিৰোধীৰ উক্ত সভা স্থগিত প্ৰস্তাৱ নাকচ কৰে । অধ্যক্ষই সদনত কয় যে, নিয়ম অনুসৰি সভাস্থগিত প্ৰস্তাৱৰ জাননী বিৰোধীৰ ফালৰ পৰা লাভ কৰা হোৱা নাই ।

সদন আৰম্ভ হোৱাৰ কমেও এঘন্টা পূৰ্বে এইধৰণৰ সভা স্থগিত প্ৰস্তাৱৰ জাননী বিধানসভা সচিবালয়ে লাভ কৰিব লাগে যদিও বিৰোধীয়ে সেই সময় মানি চলি জাননী দিয়া নাছিল ।অধ্যক্ষৰ এনে স্থিতিত ক্ষুব্ধ হৈ বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে ।

পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ আগত কয় যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাবনীয় মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে। ইয়াক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ উপায় উলিওৱাৰ প্ৰয়োজনীয়তাৰ বাবেই সদনত এই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিব খোজা হৈছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply