নিউজ ডেস্কঃ কংগ্ৰেছ দলৰ আহ্বান মৰ্মে শুক্ৰবাৰে গুৱাহাটীৰ হোটেল লিলিত বিৰোধী দল সমূহে এখন গুৰুত্বপূৰ্ণ সভা মিলিত হয়। ৰাজ্যখনৰ ১০ টা বিৰোধী দলে বিজেপি ক আগন্তুক পঞ্চায়ত আৰু  ২০২৪ ৰ লোকসভা নিৰ্বাচনত পৰাভূত কৰিবলৈ প্ৰথম পৰ্যায়ৰ বৈঠক বহে। AIUDF ক বাদ দি বাকী সকলো বিৰোধী দল এক লগ হোৱা বাবে সংকল্প গ্ৰহণ কৰিছে সভাৰ জৰিয়তে।

সভাৰ পিছতেই সংবাদ মেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, ‘ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আৰু জলন্ত সমস্যাৰ সম্পৰ্কে আমি যি কৰি আহিছো তাক আৰু শক্তিশালী কৰাৰ উদ্দেশ্যে কিছু ৰণনীতি তৈয়াৰ কৰা হৈছে। হিমন্তবিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ জনবিৰোধী কাম-কাজৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে কাম কৰিব এই দহটা বিৰোধী দলে’।

ইফালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈয়ে কয় যে, “বিজেপি যেনেকৈ সাম্প্রদায়িক, এ আই ইউ ডি এফো সাম্প্রদায়িক। গতিকে সাম্প্রদায়িক বিজেপিৰ বিৰুদ্ধে যুঁজখনত আমি আন এটা সাম্প্রদায়িক দল এ আই ইউ ডি এফক সতীর্থ দল হিচাপে লোৱাৰ প্ৰশ্নই নাহে। ২০২৪ চনত দেশৰ শাসনলৈ আকৌ বিজেপি আহিলে দেশত গণতন্ত্র নিঃশেষ হ’ব। স্বৈৰতান্ত্রিক বিজেপিক অসমত উৎখাতৰ বাবে আজি বিৰোধী দলকেইটা একত্ৰিত হৈছে’ ।

সভাত উপস্থিত থকা অসম জাতীয় পৰিষদৰ সভাপতিয়ে লুৰীণ জ্যোতি গগৈয়ে কয় যে, ‘হিমন্তবিশ্ব শৰ্মা চৰকাৰে অসমত গণতান্ত্রিক ব্যৱস্থা মষিমূৰ কৰিছে। আইনৰ শাসনলৈ ভাবুকি আনিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত আইনৰ শাসন ঘূৰাই আনিবলৈ আজি দহ বিৰোধী দল ঐক্যবদ্ধ হোৱাটো শুভ আৰম্ভণি’ ।

সাংসদ অজিত কুমাৰ ভূঞাই এ আই ইউ ডি এফ বিজেপিৰ এজেন্ট বুলি কৈ কয় যে, ‘আজমলৰ দল মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পকেটত সোমাই আছে। এই দলেৰে একেলগে কাম কৰা অসম্ভৱ’ ।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ আহ্বান ক্ৰমে অনুষ্ঠিত সভাই ৯ এপ্ৰিলত গুৱাহাটীত সন্মিলিত ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। য’ত প্ৰতিটো দলৰ প্ৰতিখন জিলা আৰু তৃণমূল পৰ্যায়ৰ সদস্য উপস্থিত থাকিব বুলি জনাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply