গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই উত্তপ্ত হোৱা দেখিবলৈ পোৱা যায় বিধানসভা। বিধানসভাৰ প্ৰৱেশ দুৱাৰত বিৰোধীৰ প্ৰতিবাদ আৰু মূল্যবৃদ্ধি সন্দৰ্ভত আলোচনা নোহোৱাৰ বাবে সদন ত্যাগ কৰিলে বিৰোধীয়ে। শিৱসাগৰৰ বিধায়ক অখিক গগৈৰ লগতে বিৰোধীয়ে আজিৰ দিনটোক বিধানসভাৰ ক’লা দিন আখ্যা।

সোমবাৰৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশন। বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিধনসভাত দেখিবলৈ পোৱা যায় এক উত্তপ্ত পৰিস্থিতি। মুখ্যমন্ত্ৰীয়ে বিধায়ক সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে বিৰোধীয়ে বিধানসভাৰ প্ৰৱেশ দুৱাৰত প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰীৰ মন্ত্যবক অগণতান্ত্ৰিক আখ্যা দিয়ে বিৰোধীয়ে।

ইফালে মূল্যবৃদ্ধিকলৈ বিৰোধীয়ে আলোচনা বিচাৰে যদিও অধ্যক্ষই অনুমতি প্ৰদান নকৰাৰ বিৰোধী বিধায়ক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধীয়ে মূল্যবৃদ্ধিৰ ওপৰত সভা স্থগিত প্ৰস্তাৱ বিচাৰে কিন্তু অধ্যক্ষই বিৰোধীৰ অনুৰোধক উপেক্ষা কৰাত বিৰোধী বিধায়ক সকলে সদন ত্যাগ কৰে।

লগতে পঢ়ক : দৰঙত আফ্ৰিকান ছোৱাইন ফ্ল’ ৰোগ প্ৰতিৰোধৰ বাবে পশুচিকিৎসকৰ আপ্ৰাণ চেষ্টা

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে কংগ্ৰেছ, এআইইউডিএফ বিধায়ক সকলে সদন ত্যাগ কৰি কয় যে আমি মূল্যবৃদ্ধিৰ ওপৰত আলোচনা বিচাৰিছিলো কিন্ত মূল্যবৃদ্ধিকলৈ আলোচনা নোহোৱাটো দুৰ্ভাগ্যজনক। মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে। চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply