নিউজ ডেস্কঃ বাঘ চিকাৰ কৰিবলৈ আহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী।
বনকৰ্মীৰ অভিযানত গ্ৰেপ্তাৰ চোৰাংচিকাৰীকেইটা।
ধৃত চিকাৰীকেইটা ঢেকীয়াজুলীৰ আলিবুৰ ৰহমান, হাছমত আলী ৰহমান, মহম্মদ এম এন ।
আনহাতে আন দুটা চিকাৰীয়ে পলায়ন কৰে।
পলায়ন কৰা চিকাৰী দুটা ছাবিকুল আৰু আহমদ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ ২নং বৰ্ষাশিমলু নামৰ গাঁৱখনৰ আজিবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত পুতি থোৱা অৱস্থাত এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিছিল।