সোণাৰিঃ সোণাৰিৰ চলা গ্ৰাম্য অভয়াৰণ্যত সোমবাৰৰ পৰা আৰম্ভ হৈছে অৰ্কিড পুনৰ সংস্থাপনৰ কাম। জনপ্ৰিয় কণ্ঠশিল্পী তথা চলা গ্ৰাম্য অভয়াৰণ্যৰ ব্ৰেণ্ড এম্বেছেডৰ দেৱজিৎ বৰাই শুভাৰম্ভ কৰে পুনৰ সংস্থাপনৰ কাম।
চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিৰ উদ্যোগত আৰম্ভ হৈছে অৰ্কিড পুনৰ সংস্থাপন।
উল্লেখ্য যে, এই বনাঞ্চল খনত পূৰ্বে ১৩০ বিধৰো অধিক অৰ্কিড পোৱা গৈছিল যদিও চোৰাং কাঠ সৰবৰাহকাৰীয়ে গছ কাটি তহিলং কৰাৰ ফলত এই সংখ্যা হ্ৰাস পায়।
লগতে পঢ়কঃপথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে ভিডিঅ’ জাৰ্নেলিষ্ট আইজুৰ আলী
সম্প্ৰতি বনাঞ্চলখনত মাত্ৰ ৬৭ টা প্ৰজাতিৰ অৰ্কিডহে পোৱা যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত চলা সংৰক্ষিত বনাঞ্চলক গ্ৰাম্য অভয়াৰণ্য হিচাপে নামাকৰণ কৰি বনাঞ্চলখন সুৰক্ষা আৰু সংৰক্ষণ কৰিবলৈ গঠন কৰা চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিয়ে অৰ্কিড পুনৰ সংস্থাপনৰ কাম আৰম্ভ কৰিছে।