ৰাজ্যত ক’ভিড সংক্ৰমনৰ হাৰ তুলনামূলক ভাবে কমাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে দিছে কেতবোৰ নতুন নিৰ্দেশনা |
ক’ভিড ভেকচিনৰ দ্বিতীয় ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰীয়ে কাইলৈৰ পৰা নিয়মিত ভাবে যাব লাগিব কাৰ্যালয়লৈ। আজি এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰী কৰিছে এক নিৰ্দেশনা।

এই নিৰ্দেশনা মতে চৰকাৰী কাৰ্যালয়সমূহৰ কামকাজ সুচাৰুকৈ পৰিচালনা কৰাৰ বাবে ক’ভিড-১৯ ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰা অসম চৰকাৰৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীক ১৪ জুনৰ পৰা কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

সোমবাৰৰে পৰা কাৰ্যালয়লৈ যাব লাগিব ভেকচিনৰ দুয়োটা ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী


উল্লেখ্য যে ক্রমাৎ সামান্য উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি৷ আক্রান্তৰ হাৰ ২.১৪ শতাংশলৈ নিম্নগামী হৈছে৷ অহা ১৬ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ আন এক নিৰ্দেশনা প্ৰকাশ হোৱা সম্ভাবনা , য’ত বহু কেইটা বিষয়ত শিথিল হোৱাৰ সম্ভাবনা আছে। বিশেষকৈ আন্ত জিলা যাতায়ত ব্যবস্থা পুনৰ ৫০শতাংশ যাত্ৰীসহ আৰম্ভ কৰাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ ।

লগতে পঢ়ক ৰাজ্যত বছৰি ১২০০ কোটিৰ লোকচান বিদ্যুৎ চুৰিৰ বাবে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply