অসমৰ চাহ উদ্যোগটো দিনক দিনে অৱস্থা কাঢ়িল হোৱাৰ সময়তে ৰাজ্য চৰকাৰে অসমৰ চাহ উদ্যোগক বিশ্ব দৰবাৰত ফেৰ মাৰিব পৰাকৈ নতুন ৰূপত আগবঢ়াই নিয়াৰ প্ৰস্তুতি চলাইছে ।
অসমৰ চাহ উদ্যোগসমূহৰ সৱলীকৰণৰ লক্ষ্যৰে অসম চৰকাৰে আজি এই বিশেষ পদক্ষেপ গ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিত্ত আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ যৌথ উদ্যোগত ‘অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি ২০২০’ (ATISIS)ৰ শুভ উদ্বোধন কৰে।
আঁচনিটোৰ জৰিয়তে অৰ্থ’ডক্স আৰু বিশেষ চাহপাত উৎপাদনকাৰী উদ্যোগসমূহে কাৰ্যকৰী মূলধনৰ বিপৰীতে বছৰি ৩% সুদ ৰেহাই পাব । প্ৰতি কেজি অৰ্থ’ডক্স আৰু বিশেষ চাহপাত উৎপাদনৰ বিপৰীতে ৭ টকাকৈ ৰাজসাহায্যও লাভ কৰিব ।
আঁচনিখনৰ সামগ্ৰিক ব্যয় ৩০০ কৌটি ধাৰ্য্য কৰা হৈছে । ইয়াৰ বাবে প্ৰয়োজনীয় নতুন যন্ত্ৰ-পাতি ক্ৰয়ৰ বাবে ব্যয় কৰা মূলধনৰ বিপৰীতে ২৫ শতাংশ ৰাজসাহায্য আৰু ৩ বছৰৰ বাবে কৃষি আয়কৰ ৰেহাই আদি সুবিধাসমূহ লাভ কৰিব।
‘অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি ২০২০’ৰ জৰিয়তে ৰাজ্যৰ অৰ্থ’ডক্স চাহপাত উৎপাদনকাৰীৰ লগতে গ্ৰীণ টী, ওং টী, হোৱাইট টী, ইয়েল’ টী, পাৰ্পল টী আদি বিশেষ চাহপাত প্ৰস্তুতকাৰীসকলো উপকৃত হ’ব ৷
বৰ্তমান সময়ত ৰাজ্যত মাত্ৰ ১১ শতাংশ অৰ্থ’ডক্স চাহ উৎপাদন হোৱাৰ বিপৰীতে ৮৯ শতাংশই চিটিচি চাহপাত উৎপাদিত হৈ আছে । অৰ্থ’ডক্স চাহৰ বিদেশত এখন ডাঙৰ বজাৰ আছে যদিও উৎপাদন ব্যয় অত্যধিক হোৱাৰ বাবেই খেতিয়কসকলে ইয়াত আগনাবাঢ়ে ।
সেইবাবেই ৰাজ্যচৰকাৰে এই ক্ষেত্ৰত বিশেষ আঁচনি লৈ ৰাজ্যৰ চাহ উদ্যোগটোলৈ অহা সংকট দুৰ কৰিব বিচাৰিছে । মুখ্যমন্ত্ৰীয়ে আশা কৰিছে ইয়াৰ দ্বাৰা চাহ শ্ৰমিকসকলো উপকৃত হব
লগতে পঢ়ক শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু তিথিত ই-বাৰ্তালোচনী ‘প্ৰত্যাহ্বান’ উন্মোচন