নিউজ ডেস্কঃ অসমত বিগত কিছু সপ্তাহ ধৰি পৰি থকা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী, ভূমিস্খলনে বহুলোকক গৃহহীন কৰিছে। এই দুৰ্যোগে লক্ষাধিক শিশুকো প্ৰভাৱিত কৰিছে। এইবাৰ বানপানী,ভূমিস্খলন আৰু যোৱা দুটা বৰ্ষত কোভিডৰ ফলত হোৱা লকডাউনে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰটো ব্যাপক ক্ষতিসাধন কৰিছে। বানপানীয়ে এইবাৰ অসমত কালৰূপ ধাৰণ কৰিছে। অসমৰ কাছাৰ জিলাত বানৰ ফলত ১লাখৰো অধিক ছাত্ৰ-ছাত্ৰী শৈক্ষিক দিশত ক্ষতিগ্ৰস্ত হৈছে। বানত বাসগৃহ, সা-সম্পত্তিকে ধৰি শিক্ষাৰ্থীসকলৰ কিতাপ পত্ৰ উটি যায়। কাছাৰ জিলা প্ৰশাসনৰ তথ্য অনুসৰি জিলাখনৰ প্ৰায় ১৩,০০০ শিশু সাহাৰ্য শিবিৰত আশ্ৰয় লৈ আছে।
জিলাখনৰ জি চি কলেজত সাহাৰ্য শিবিৰত থকা ৰাজেশ নামৰ এগৰাকী শিক্ষাৰ্থীয়ে কয় যে, বানপানীত মোৰ সকলো কিতাপ উটি গ’ল। মই পঢ়াশুনাৰ বাবে এজন শিক্ষকৰ সৈতে যোগাযোগ কৰিছিলো কিন্তু বানপানীৰ বাবে নোৱাৰিলোঁ। মোৰ ঘৰত এতিয়াও একাঠুলৈ পানী।
এটা মাহৰ ভিতৰতে জিলাখনত দুবাৰকৈ বানপানীয়ে জলমগ্ন কৰে। ৰাজেশৰ দৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।
জিচি কলেজৰ সাহাৰ্য শিবিৰত ভগ্নী আৰু পিতৃ-মাতৃৰ সৈতে থকা চন্দ্ৰানী দাসে কয় যে বানে তেওঁলোকৰ ঘৰখন ক্ষতিগ্ৰস্ত কৰিছে। ঘৰখনত কোনো সামগ্ৰী ঠিকে আছে নে নাই সেইলৈ এতিয়াও নিশ্চিত নহয়। বাৰিষা বৰাক ফেনে-ফুটুকাৰে বাঢ়ি অহাৰ ফলত জিলাখন জলমগ্ন হয়।
অসম চৰকাৰে বানতগ্ৰস্ত শিক্ষাৰ্থীসকলক এক হাজাৰকৈ এক হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বানপীড়িত বৰাক উপত্যকা ভ্ৰমণৰ সময়ত এই ঘোষণা কৰে।
কাছাৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত জাল্লি কীৰ্তিয়ে কয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলে স্নাতক তৃতীয় বৰ্ষলৈকে ১000 টকাকৈ লাভ কৰিব। আমি তথ্য সংগ্ৰহ কৰি আছো। যিসকল শিক্ষাৰ্থীৰ বেংক একাউণ্ট নাই তেওঁলোকক তেওঁলোকৰ অভিভাৱকৰ একাউণ্টত ধনৰ পৰিমাণ দিয়া হ’ব।