গুৱাহাটীঃ অসমত ভয়াবহ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফ্লু। অসমত ২০২০ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় ৪০,০০০ হাজাৰ গাহৰিৰ মৃত্যু হৈছে। মঙলবাৰে পশু চিকিৎসা আৰু পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাই জনতা ভৱনত ছোৱাইন ফ্লু সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে।

এইদৰে গাহৰিৰ মৃত্যুৰ ফলত ১৪,০০০ ৰো অধিক পৰিয়াল অৰ্থনৈতিকভাৱে প্ৰভাৱিত হৈছে। বৰ্তমান ২২খন জিলালৈ আফ্ৰিকান ছোৱাইন ফ্লু বিয়পি পৰিছে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত অসমত প্ৰথমবাৰৰ বাবে ধৰা পৰা আফ্ৰিকান ছোৱাইন ফ্লুত ঘৰচীয়া আৰু বনৰীয়া গাহৰি দুয়োই আক্ৰান্ত হৈছিল।

মন্ত্ৰী গৰাকীয়ে কয় যে ছোৱাইন ফ্লু জন্তুৰ পৰা মানুহৰ দেহলৈ বিয়পিব পাৰে কিন্তু আফ্ৰিকান ছোৱাইন ফ্লু গাহৰিৰ দেহৰ পৰা মানুহলৈ বিয়পিব নোৱাৰে। ৰাজ্যত এই বৰ্ষৰ জানুৱাৰীৰ পৰা প্ৰায় ৯০০ গাহৰিৰ বানপানীৰ ফলত মৃত্যু হৈছে।

ৰাজ্যখনত বনৰীয়া গাহৰিখিনিক বাদ দি প্ৰায় ২০লাখতকৈ অধিক গাহৰি আছে। ব্যাপক ৰূপে যাতে সংক্ৰমিত হব নোৱাৰে তাৰ বাবে তিনিচুকীয়া,শিৱসাগৰ বন্ধ কৰা হৈছে গাহৰি বিক্ৰী বন্ধ কৰা হৈছে। আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱা গাহৰি তিনিদিনৰ ভিতৰতে নিধন কৰা হব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে। লগতে যাৰ গাহৰি নিধন কৰা হৈছে তেওঁলোকক ১০দিনৰ ভিতৰতে ইয়াৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে ১৫কেজি পৰ্যন্ত গাহৰিৰ ক্ষেত্ৰত ২২০০টকা, ১৫-৪০কেজি ৫৮০০ টকা, ৪০-৭০ কেজি ওজনৰ গাহৰি ৮৪০০ টকা,  প্ৰাপ্তবয়স্ক প্ৰজননক্ষম ৭০-১০০কেজি ওজনৰ ১২০০০ টকা ,১০০ কেজি তকৈ অধিক ১৫০০০ টকা আৰু বিনষ্ট কৰা প্ৰতি কেজি দানা ২২টকাকৈ প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে। আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱা  ১৩৭৮টা গাহৰি চৰকাৰী ভাৱে নিধন কৰা হৈছে ।

ৰাজ্যখনৰ ২২খন জিলাৰ মুঠ ৭২টা স্থান আফ্ৰিকান ছোৱাইন ফ্লুৰ অভিকেন্দ্ৰ হিচাপে ধৰা হৈছে। মুঠ ১৪,৫০০ পৰিয়ালৰ গাহৰি এই ৰোগত আক্ৰান্ত হৈছে। মাৰ্চ,২০২০চনৰ পৰা বৰ্তমানলৈকে মুঠ ৪০,৪৮২ টা গাহৰিৰ মৃ্ত্যু হৈছে। ইতিমধ্যে ছেনিটাইজেচনৰ কাৰণে ৰাজ্যচৰকাৰে পদক্ষেপ ল’ব বুলিও উল্লেখ কৰিছে। এইক্ষেত্ৰত ৰাজ্যখনত দ্ৰুত কৰ্মসম্পাদনৰ বাবে ৪২৭ টা  rapid response team চৰকাৰে গঠন কৰিছে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গাহৰিৰ পালন উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে আন্তৰ্জাতিক পশুধন গৱেষণা প্ৰতিষ্ঠান (আইএলআৰআই), খাদ্য আৰু কৃষি সংস্থা (এফএঅ’) আৰু অফিচ ইণ্টাৰনেচনেল ডেছ এপিজুটিছ (অ’আইই)ৰ সহযোগত কেইবাটাও কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply