গুৱাহাটী : ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰাৰ এই পৰ্য্যন্ত অসম আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত ৪৫০ জন অবৈধ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয়। বৃহস্পতিবাৰে এগৰাকী বিষয়াই এই কথা সদৰী কৰে।
১০ মে’ৰ পৰা ৩১ মে’ লৈকে অসম আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত অবৈধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত ২৬৪টা গোচৰ ৰুজু কৰি ৪৪১ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
অলপতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে বৰ্তমানৰ ৰাজ্য চৰকাৰে এখন ড্ৰাগছমুক্ত অসম গঢ়াৰ সপোন দেখিছে আৰু এই ক্ষেত্ৰত অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিব।
লগতে পঢ়ক : ধৰ্ষণৰ ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত মূল অপৰাধীক আৰক্ষীৰ গুলীচালনা
আৰক্ষীয়ে এগৰাকী বিষয়াই জনোৱা মতে যোৱা মাহৰ পৰা আৰম্ভ কৰা ড্ৰাগছ বিৰোধী ব্যাপক অভিযানত এই পৰ্য্যন্ত ৬.৫৭ কিলোগ্ৰাম হেৰোইন, ৫,৭৮৫.৮৫ কিলোগ্ৰাম গাঞ্জা, ৯২,৩৬৬টা য়াবা আৰু আন কেতবোৰ নিচাযুক্ত টেবলেট জব্দ কৰে।
ইয়াৰ উপৰিও আৰক্ষীয়ে ২০ গ্ৰাম মৰ্ফিন আৰু ৪২৬ গ্ৰাম কানিসহ ১৭,১১,১৩০ টকা জব্দ কৰিবলৈ সক্ষম হয়।
বিষয়াজনে লগতে কয় যে অসমক অবৈধ ড্ৰাগছৰ গ্ৰাসৰ পৰা মুক্ত নকৰা পৰ্য্যন্ত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান আৰু ব্যাপক ৰূপত অব্যাহত ৰাখিব।