নিউজ ডেস্কঃ ২০১৮ চনৰ পৰা বৰ্তমানলৈকে চৰকাৰী শিশু আশ্ৰয় গৃহত থকা ৮০০ৰো অধিক শিশুৰ মৃত্যু হৈছে। মৃত শিশুসকলৰ ভিতৰত বেছিভাগৰে বয়স দুবছৰৰ তলৰ। কিন্তু কি কাৰণত মৃত্যু হৈছে শিশুসকলৰ?

তথ্যৰ জনাৰ অধিকাৰ আইনৰ অধীনত বিচৰা তথ্যৰ উত্তৰত Central Adoption Resource Authority পৰা প্ৰাপ্ত তথ্য অনুসৰি, ২০২১-২২ বৰ্ষত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত সংস্থাসমূহত ১১৮ টা শিশুৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত ১০৪ টা শিশুৰ বয়স দুই বছৰৰ তলৰ আছিল। তেওঁ বৰ্ণনা কৰিছিল যে মৃত্যুৰ মুখ্য কাৰণ হৈছে “অসুৰক্ষিত ভাৱে শিশুক ত্যাগ কৰা”, য’ত বহুতো শিশুক কুকুৰে কামুৰিছিল আৰু কিছুমানৰ অৱস্থা ইমান বেয়া আছিল যে তেওঁলোকক বচাব পৰা নাছিল।

২০২০-২১ বৰ্ষত শিশু আশ্ৰয় গৃহত মৃত্যু হৈছিল ১৬৯ টা শিশুৰ, আনহাতে ২০১৯-২০ বৰ্ষত ২৮১টাৰ, ২০১৮-১৯ বৰ্ষত ২৫১ টা শিশুৰ মৃত্যু হৈছিল। মুঠ ৮১৯ টা শিশুৰ ভিতৰত ৪৮১ গৰাকী ছোৱালী আৰু ১২৯ জন বিশেষভাৱে সক্ষম শিশু আছিল।

বেছিভাগ শিশু আশ্ৰয় গৃহ ছয় বছৰৰ তলৰ শিশুৰ বাবেহে। অৱশ্যে, তেওঁলোকে কিছুমান ডাঙৰ শিশুকো আশ্ৰয় দিয়ে। ছয় বছৰতকৈ অধিক বয়সৰ শিশুক child care institutions ৰখা হয়। চলিত বৰ্ষৰ ২৮জুনলৈকে প্ৰায় ৭,০০০টা শিশু দেশৰ বিভিন্ন শিশু আশ্ৰয় গৃহত আছে।

Adoption agencies ৰ ফালৰ পৰা এইক্ষেত্ৰত কয় যে, কিছুমান শিশু ৰুগীয়া পিতৃ-মাতৃ।শিশুটিক যত্ন ল’ব নোৱাৰা ফলত এই সংস্থাবোৰত থৈ যায়। আনহাতে অবৈধ ভাৱে জন্ম হোৱা বা কোনো কাৰণত আন কিছুমান শিশুক ৰাস্তাত অসুৰক্ষিত অৱস্থাত এৰি থৈ যোৱাৰ ফলত কুকুৰে কামোৰে। বহুসময়ত তেওঁলোকক ইমান বেয়া পৰিস্থিতিত পোৱা যায় যে তেওঁলোক জীয়াই থকাৰ কোনো সম্ভাৱনা নাই। Adoption agenciesৰ লোক তেওঁলোকৰ ওচৰ পোৱালৈকে বহুত পলম হৈ যায়।

আনহাতে এই সন্দৰ্ভত শিশু অধিকাৰ কৰ্মী এনাক্ষী গাংগুলীয়ে কয় যে, শিশুসকলৰ মৃত্যু কেনেকৈ আৰু কিয় সংঘটিত হ’ল এই বিষয়ত চৰকাৰৰ ফালৰ পৰা তদাৰক কৰা প্ৰয়োজন আছে।

শিশু এটা তুলি লোৱাৰ সমস্যাবোৰ হ্ৰাস কৰা আৰু শিশুক আশ্ৰয় দিয়া সংস্থাবোৰে কেনেদৰে কাম কৰে তাৰ ওপৰত অধিক দায়বদ্ধতা অনাৰ ফলত পৰিস্থিতি সলনি হ’ব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply