গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে চৰকাৰে চলাই অহা আঁচনি অধীনত কেইবাখনো উৰণীয়া সেঁতু নিৰ্মাণৰ লগতে সমন্বিত ট্ৰেফিক নিয়ন্ত্ৰণ ব্যৱস্থা, শীত-তাপ নিয়ন্ত্ৰিত বাছ আস্থান, একাধিক নতুন উদ্যান নিৰ্মাণকে ধৰি বহু উদ্যোগ চৰকাৰে গ্ৰহণ কৰিছে এই আঁচনি সমূহে মহানগৰখনৰ সৌন্দৰ্য বৃদ্ধি, আন্তঃগাঁথনি উন্নয়নৰ উপৰি উন্নত নাগৰিককেন্দ্ৰিক সেৱা আগবঢ়াবলৈ সক্ষম হ’ব ৷
ইয়াৰ অংশ হিচাপে আজি ৰাধাগোবিন্দ বৰুৱা পথৰ জু-তিনিআলিত উৰণীয়া সেঁতু এখনৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
৫৮০ মিটাৰ দৈৰ্ঘ্যৰ দুই লেনযুক্ত উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ বাবে ৭৮.৯৩ কোটি টকা ধাৰ্য কৰা হৈছে৷ ১৮ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া উৰণীয়া সেঁতুখনে অঞ্চলটোত যান-জঁটৰ সমস্যা দূৰ কৰি জনসাধাৰণক যাতায়াতত নিশ্চিতভাৱে সহায় কৰিব ৷
লগতে পঢ়কঃ৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
জু ৰোডৰ উৰণীয়া সেঁতু নিৰ্মাণ সম্পূৰ্ণ হ’লেই গুৱাহাটী ক্লাব আৰু বামুণীমৈদাম সংযোগী উৰণীয়া সেঁতু নিৰ্মাণৰ কাম হাতত ল’ম বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই সেঁতুখন হ’ব চাৰিলেনযুক্ত চিৰিয়াখানাৰ সন্মুখত আৰু পল্টনবজাৰ হ’ব ফুট অভাৰ ব্ৰীজ।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে পুৰণা DC আৰু SP বাংলো খালী কৰি ব্ৰহ্মপুত্ৰ হেৰিটেজৰ বাবে ৰাইজলৈ মুকলি কৰা হ’ব বুলি জনোৱাৰ লগতে গুৱাহাটীত ২০০খন বাছ ইলেক্ট্ৰনিক মাধ্যমেৰে আৰু ১০০খন বাছ CNGৰে চলোৱাৰ ব্যবস্থা কৰিব বুলিও জনাই। এই কাম ৬, ৭ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰা হ’ব।