নিউজ ডেস্কঃ আজি অশোকাষ্টমী। দেশৰ ভিন্ন স্থানত অনুষ্ঠিত হৈছে অশোকাষ্টমীৰ মেলা।
কভিডৰ এছ অ’ পি অৱমাননা কৰি ভিন্ন প্ৰান্তত ভিৰ কৰিলেহি ভক্তপ্ৰাণ ৰাইজে।
দেশত প্ৰতি ২৪ঘন্টাত কভিডত আক্ৰান্ত হৈছে ২.৭৩লাখ লোক। তীব্ৰ গতিত সংক্ৰমণ ঘটা কৰোনাই লৈছে কালৰূপ ঠিক তেনে সময়তে জনসমুদ্ৰ গঢ়ি ধৰ্মৰ নামত নিজৰ জীৱনক লৈ হেতালি খেলি জনসাধাৰণে পালন কৰিলে অশোকাষ্টমী।
মাস্ক পৰিধান নকৰাকৈয়ে কভিডৰ গাইডলাইনক অৱমাননা কৰি প্ৰায় চাৰি হাজাৰ লোকে ভিৰ কৰিলেহি ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত।
ইফালে ধুবুৰীত অশোকাষ্টমীত সামূহিক স্নান কৰি কৰোনাত আক্ৰান্ত হৈছে এগৰাকী মহিলা। মহিলা গৰাকী আগমণিৰ ঝাছকাল অঞ্চলৰ কল্পনা ৰায় বুলি জানিব পৰা গৈছে। ইফালে সামূহিক স্নানত ভাগ লোৱা অধিক লোক কৰোনাত আক্ৰান্ত হোৱাৰ আশংকা কৰিছে।
ইপিনে ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ধৰণৰ জনসমাগম বন্ধৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইতিমধ্যে ৰাজ্যৰ কেইবাঠাইত অশোকাষ্টমী মেলা বাতিল কৰিছে প্ৰশাসনে।
অথচ চৰকাৰৰ কভিড বিধিক আওকান কৰি অসমৰ কেইবাঠাইতো অশোকাষ্টমীৰ উপলক্ষে স্নান কৰিবলৈ আহি ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত উপস্থিত হ’ল সহস্ৰাধিক লোকে।