কামপুৰ : এটা, দুটা নহয় একেলগে ছটাকৈ দুষ্পাপ্য লক্ষী ফেঁচা উদ্ধাৰ। কামপুৰৰ কান্দাপাৰাত ছটা দুষ্পাপ্য লক্ষী ফেঁচা উদ্ধাৰ হৈছে।

কামপুৰৰ কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ত উদ্ধাৰ হৈছে ছটাকৈ দুষ্পপ্য লক্ষী ফেঁচা। জানিব পৰা মতে বিদ্যালয়খনৰ ওপৰৰ চাঙত বাঁহ সাজি আছিল লক্ষী ফেঁচা ছটা। লক্ষী ফেঁচাৰ পোৱালি কেইটা ওজন হোৱাত বাঁহটো ভাঙি পৰাত স্থানীয় লোকে পোৱালী কেইটা উদ্ধাৰ কৰে।

লগতে পঢ়ক : মৰাণত ভেকচিন দিবলৈ অভিযানত নামিল জিলা উপায়ুক্ত

পিছত স্থানীয় ৰাইজে প্ৰকৃতি প্ৰেমী ধৰনী শইকীয়াক খৱৰ দিয়ে। প্ৰকৃতি প্ৰেমী ধৰনী শইকীয়া কান্দাপাৰাত উপস্থিত হৈ কামপুৰ বন বিভাগৰ সহযোগত লক্ষী ফেঁচাৰ পোৱালী কেইটা উদ্ধাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply