গুৱাহাটী : ডকাইতি কাণ্ডত ব্যৱহাৰ হোৱা গাড়ীৰ স্বত্বাধিকাৰীক আটক। দিছপুৰ আৰক্ষীয়ে ডকাইতে ব্যৱহাৰ কৰা ডাষ্টাৰ বাহনখনৰ স্বত্বাধিকাৰীক আটক কৰি তদন্ত চলাই আছে। মঙলবাৰে ৪ বজাত বৰ্ষাপাৰাত ৬ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দল এটাই ডকাইতি কাণ্ড সংঘটিত কৰিছিল।

ধীৰেনপাৰাৰ ডকাইতি-গুলীচালনা ঘটনাৰ সৈতে জড়িতৰ সন্দেহত আৰক্ষীসহ ৪জন লোকক আটক কৰিছে । ডকাইতিত ব্যৱহৃত ডাষ্টাৰখনৰ গৰাকী 10th APBn বিষয়া গণেশ দাস । গাড়ীখন ব্যৱহাৰ কৰিছিল কৰুণা নামৰ আন এজন আৰক্ষীয়ে, দুয়োকে আটক কৰা বুলি জানিব পৰা গৈছে । ৫টাকৈ ম’বাইল ফোন উদ্ধাৰ কৰাৰ লগতে গাড়ীখনত পোৱা গৈছে ক’লা কাপোৰ । উদ্ধাৰ হোৱা গুলীৰ খালী কাৰ্টিজটো পুলিচৰ গুলি বুলি সন্দেহ কৰা হৈছে যদিও ঘটনা সন্দৰ্ভত মুখ খোলা নাই মহানগৰ আৰক্ষীয়ে।

বৰ্ষাপাৰাৰ ইটাভাটাত সাৰদা পথত গৌতম পাল নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰি ডকাইতৰ দলটোৱে লুটি নিছিল বহু সম্পত্তি। ডকাইতৰ দলটোৱে ঘৰৰ সদস্য সকলক আক্ৰমণ কৰি সকলোৰে চকুত কাপোৰ বান্ধি ডকাইতি কাণ্ড সংঘটিত কৰিছিল।

ডকাইতি কাণ্ড সংঘটিত কৰাৰ পিছত ডকাইতৰ দলটোৱে পলায়ন কৰাৰ সময়ত লিটন মজুমদাৰ নামৰ এজন লোকে ডকাইতৰ দলটোক বাধা প্রদান কৰাৰ ডকাইতৰ দলটোৱে লিটন মজুমদাৰৰ মূৰত গুলিয়াইছিল। লিটন মজুমদাৰ হায়াত হাস্পতালত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক : IDOL কেলেংকাৰী : কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণ

উল্লেখ্য যে ডকাইতৰ দলটোৱে ডকাইতিকাণ্ড সংঘটিত কৰাৰ সময়ত এএছ-০১-ডিজে-৯৬০৪ নম্বৰৰ এখন ডাষ্টাৰ বাহনত আহিছিল। বাহনখন এৰি ডকাইতৰ দলটোৱে পলায়ন কৰিছিল। দিছপুৰ আৰক্ষীয়ে বাহনখনৰ স্বত্বাধিকাৰীক কৰি তদন্ত চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply