নগাঁও : সাম্প্রতিক সময়ত ক’ভিড মহামাৰীত আক্রান্ত ৰােগী সকলৰ চিকিৎসাজনীত সুবিধাৰ বাবে নগাঁওৰ শ্বহীদ ভােগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত স্থাপন কৰা ৬৮ খন অক্সিজেন যুক্ত বিচনা। অক্সিজেন যুক্ত বিচনাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্রী কেশৱ মহন্তই।
লগতে পঢ়ক: নগাঁও কন্দলীৰ চাহ বাগিচা অঞ্চলৰ কোভিড ৰোগীৰ কাষত কংগ্ৰেছৰ তিনি বিধায়ক
উল্লেখযােগ্য যে, মাত্র ১৪ দিনৰ ভিতৰতে এই কাৰ্য্য সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে মন্ত্রী গৰাকীয়ে নগাঁও জিলা প্রশাসনক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই কার্যসূচীত মন্ত্রী গৰাকীক সংগ প্রদান কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, আই. এ. এছ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) প্রশান্ত বৰুৱা আৰু জিলা স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়া সকলে।