দক্ষিণ শালমাৰা : ক’ভিডৰ দ্বিতীয়টো ঢৌৰ এই ভয়াবহ পৰিস্থিতিৰ মাজত ক’ভিড ৰোগী সকলৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত যাতে অক্সিজেনৰ অভাৱ নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনক অক্সিজেন কনছেনট্ৰেটৰ প্ৰদান। বাঙ্গালুৰুৰ অত্যঅতি প্ৰযুক্তিবিদ্যা প্ৰাইভেড লিমিটেড কোম্পানীৰ ধুবুৰীৰ বিলাসীপাৰাস্থিত নামনি অসম ক্ষেত্ৰীয় শাখাই দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনক ৩৫ টা অক্সিজেন কনছেনট্ৰেটৰ প্ৰদান কৰে।

ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ হাতত মুঠ ২৫ টা অক্সিজেন মজুত থকাত জিলাখনৰ ক’ভিড ৰোগীয়ে পৰ্যাপ্ত অক্সিজেন লাভ কৰিব নোৱাৰে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অত্যঅতিয়ে হাটশিঙিমাৰী জিলা প্ৰশাসনৰ হাতত ৩৫ টা অক্সিজেন কনছেনট্ৰেটৰ বিনামুলীয়াকৈ প্ৰদান কৰে। অক্সিজেন কনছেনট্ৰেটৰ প্ৰদান উপলক্ষে হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগ, অত্যঅতি আৰু জিলা প্ৰশাসনৰ এক চমু বৈঠকো অনুষ্ঠিত হয়।

জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ভাৰপ্ৰাপ্ত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ছাইফুল ইছলাম, জিলা স্বাস্থ্য তত্বাবধান বিষয়া ছাদ্ৰুল উলা খন্দকাৰৰ উপস্থিতিত অত্যঅতিৰ নামনি অসম ক্ষেত্ৰীয় শাখাৰ আৰ এম জাহাঙ্গীৰ আলমে অক্সিজেন কনছেনট্ৰেটৰ কেইটা প্ৰদান কৰে। আনহাতে জিলা প্ৰশাসনৰ ফালৰ পৰা উক্ত কনছেনট্ৰেটৰ কেইটা স্বাস্থ্য বিভাগৰ হাতত গতাই দিয়া হয়।

লগতে পঢ়ক : কিদৰে অসমৰ ভিতৰুৱা অঞ্চলত কম খৰচি আৰু সুস্থিৰ সৌৰ শক্তিয়ে বহুজনক জীৱন-দান দিছে

বিদ্যুতৰ জৰিয়তে অক্সিজেন কনছেনট্ৰেটৰ দ্বাৰা ক’ভিড ৰোগী সকলক অক্সিজেন দিব পৰা যাব। অত্যঅতি নামৰ এই কোম্পানীটোই নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অক্সিজেন প্ৰদান কৰাৰ লগতে নামনি অসমৰ প্ৰতিখন জিলাত আৰ্থিকভাৱে জুৰুলা লোকক মাইক্ৰফাইনেঞ্চৰ জৰিয়তে ঋন প্ৰদান কৰি ৰাইজক সহায় কৰি আহিছে বুলি আৰ এম জাহাঙ্গিৰ অলামে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply