জামছেদপুৰৰ পৰা আজি অসম আহি পায় ভাৰতীয় ৰে’লৱেৰ সহযোগত ভাৰত চৰকাৰে প্ৰেৰণ কৰা প্ৰথম খন অক্সিজেন এক্সপ্ৰেছ। উক্ত অক্সিজেন এক্সপ্ৰেছক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ডাঙৰীয়াৰ ওচৰত আমি কৃতজ্ঞ! অক্সিজেনএক্সপ্ৰেছ-ৰ দ্বাৰা ৮০ মেট্ৰিকটন মেডিকেল অক্সিজেন অসমলৈ প্ৰেৰণ কৰাৰ বাবেp ৰাজ্যবাসীৰ হৈ ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ । এই কঠিন সময়ত ই আমাৰ মনোবল আৰু অক্সিজেনৰ সামৰ্থ্য বৃদ্ধি কৰিছে।”
ক’ভিডকেন্দ্রিক পৰিস্থিতিত আক্রান্ত লোকৰ বাবে অতি জৰুৰী হৈ পৰা দেশৰ চিকিৎসালয়লৈ অক্সিজেনৰ যোগান ধৰিবলৈ ভাৰতীয় ৰে’লৱেই যুদ্ধকালীন তৎপৰতা গ্রহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে ভাৰতীয় ৰে’লৱেই ‘ওম মিছন’ৰ অধীনত দেশজুৰি ১৪,৫০০ মেট্রিকটন জুলীয়া মেডিকেল অক্সিজেন লৈ ৮৮৪ টেংকাৰসহ ২২৪খন অক্সিজেন এক্সপ্রেছ ৰে’লৰ চলাচল আৰম্ভ হৈছে৷
চাৰিটা বৃহৎ কনটেইনাৰত ৮০ টন অক্সিজেন লৈ আহিছে ৰে’লখনে ৷উল্লেখ্য যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰে’লৱে কর্তৃপক্ষক কিছু দিনৰ আগতে অক্সিজেন সৰবৰাহত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছিল৷
লগতে পঢ়ক অসম নাগালেন্ডৰ সীমান্তৰ ধনশিৰিত সেনা-আৰক্ষীৰে সংঘৰ্ষ, নিহত ৬ ডিএনএলএ সদস্য