গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল (জি এম চি এইচ)ত স্থাপন কৰা তিনিটা অক্সিজেন জেনেৰেট প্লাণ্ট কাৰ্য্যকৰী হৈ উঠিছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এক টুইট যোগে এই কথা সদৰী কৰে।
উক্ত প্লাণ্ট কেইটা কাৰ্য্যকৰী হৈ উঠাৰ ফলত ক’ভিডত আক্ৰান্ত ৰোগীসকলকে সময়মতে অক্সিজেন পোৱাৰ ক্ষেত্ৰত সকাহ পাব বুলি মন্ত্ৰী গৰাকী উল্লেখ কৰে।
জানিব পৰা মতে জি এম চি এইচত বৰ্তমান ২৪ ঘণ্টাত ৩৩০ টেংক অক্সিজেন উৎপাদন হৈ আছে।
মন্ত্ৰী শৰ্মাই জনোৱা মতে বৰ্তমান অসমত অক্সিজেনৰ কোনোধৰণৰ নাটনী হোৱা নাই।
ইয়াৰ উপৰি অসমে ভূটানৰ পৰা অক্সিজেন যোগান ধৰাৰ পৰিকল্পনা কৰিছে। দেওবাৰে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পিজুয হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভূটানৰ চামদ্ৰুপ ঝংখাৰত স্থাপন কৰা অক্সিজেন প্লাণ্ট পৰিদৰ্শন কৰি আহে।
উল্লেখযোগ্য যে উক্ত প্লাণ্টটো সম্পূৰ্ণ হৈ উঠিলে প্ৰতি দিনে ৫০ মেট্ৰিক টন অক্সিজেন উৎপন্ন ‘হব ৷ ইয়াৰ পৰা অক্সিজেন অসমে লাভ কৰিব ৷
অসমত বৰ্তমান ১৫,৪৭০ গৰাকী ক’ভিডত আক্ৰান্ত লোক আছে।
দেওবাৰে ৰাজ্যখনত ১৮৪৪ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে ১৪ গৰাকী ক’ভিড ৰোগীয়ে মৃত্যুক সাবটি লয়।
আৰু পঢ়কঃ অ’এনজিচিৰ বিষয়া অপহৰণকাণ্ডৰ অন্যতম খলনায়ক বসন্ত বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ