কোৰোনাৰ ভয়াবহ সংক্ৰমনৰ বাবে দেশত অক্সিজেনৰ নাটনীয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছে ৷ এই নাটনি হোৱাৰ মূলতে হঠাতে ইয়াৰ চাহিদা বৃদ্ধি৷
সংবাদ মাধ্যমত প্রকাশিত তথ্য মতে ভাৰতত প্রতিদিনে প্রায় ৭,২৫০ মেট্রিকটন অক্সিজেন উৎপাদনৰ ক্ষমতা আছে ৷ স্বাভাৱিক পৰিস্থিতিত ইয়াৰে দৈনিক প্রায় ৭০০ মেট্রিকটন অক্সিজেন চিকিৎসা খণ্ডলৈ যোগান ধৰা হয়৷
কিন্তু মাৰাত্মক ভাইৰাছৰ দ্বিতীয় জোৱাৰত সংক্রমিত লোকৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পাবলৈ ধৰাৰ ফলত দেশৰ স্বাস্থ্য খণ্ডত দৈনিক প্রয়োজনীয় অক্সিজেনৰ পৰিমাণ হৈছেগৈ ৫,০০০ৰ পৰা ৮,০০০ মেট্রিকটন৷
ঔদ্যোগিক খণ্ডত ব্যবহাৰ কৰা অক্সিজেন চিকিৎসালয়ত ব্যৱহাৰ কৰিবলৈ হ’লে ৯৩ শতাংশতকৈও অধিক শোধনৰ প্রয়োজন৷ কিন্তু হঠাতে বর্ধিত চাহিদাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ইতিমধ্যে তীখা আৰু পেট্র’ ৰাসায়নিক উদ্যোগৰ বাহিৰে বাকী ঔদ্যোগিক খণ্ডলৈ অক্সিজেনৰ সৰবৰাহ বন্ধ কৰি দি সেয়া চিকিৎসালয়লৈ যোগানৰ সিদ্ধান্ত লৈছে৷ পিছে এই সিদ্ধান্ত লোৱাৰ পিছতো শোধনৰ কাৰিকৰী দিশটো আৰু পৰিবহণৰ ক্ষেত্রতো সমস্যাৰ সৃষ্টি হৈছে৷
সেইবাবেই দেশৰ চিকিৎসালয়ত অক্সিজেনৰ চাহিদা পূৰণ কৰিবলৈ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে আপদকালীন ভিত্তিত অক্সিজেন আমদানিৰ কাৰণে আমেৰিকা, জার্মানী, জাপান, ইটালী, ব্রিটেইন আৰু সংযুক্ত আৰব আমীৰ শ্বাহীৰ সৈতে দিল্লীয়ে যোগাযোগ স্থাপন কৰিছে৷ এই যোগাযোগৰ ভিত্তিতে জার্মানীৰ পৰা এসপ্তাহৰ ভিতৰত অক্সিজেনৰ ২৩টা ভ্রাম্যমাণ প্লাণ্ট আমদানি কৰাৰ কথা৷ তদুপৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পি এম কেয়ার্ছৰ অধীনত সমগ্র দেশৰ জিলা সদৰসমূহত অক্সিজেন প্লাণ্ট স্থাপনৰ নির্দেশ দিছে৷ আজিৰ পৰিস্থিতিত কেন্দ্রীয় চৰকাৰৰ এনে সিদ্ধান্ত গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে যদিও ই কার্যকৰী হওঁতে কিছু সময়ৰ প্রয়োজন হ’ব৷ তেতিয়ালৈ জনসাধাৰণ সজাগ–সাৱধান হোৱাতো জৰুৰী ৷
ভূটান ৰাষ্ট্ৰৰ চামদ্ৰুপ ঝংখাৰত নিৰ্মাণৰ কাম আৰম্ভ কৰা অক্সিজেন প্ল্যান্টটো সম্পূৰ্ণ হৈ উঠিলে প্ৰতি দিনে ৫০ মেট্ৰিক টন অক্সিজেন উৎপন্ন ‘হব ৷ ইয়াৰ পৰা অক্সিজেন অসমে লাভ কৰিব ৷অক্সিজেন প্লান্টটো সম্পূৰ্ণ হৈ উঠিবলৈ আৰু ৪০ দিন সময় লাগিব।
ক’ভিড–১৯সৃষ্ট পৰিস্থিতিত দেশত অক্সিজেনৰ নাটনিয়ে ভয়াৱহ সমস্যাৰ উদ্ভৱ কৰাৰ সময়তে উজনিৰ কেইবাখনো জিলালৈ এক আশাৰ বতৰা কঢ়িয়াই ধেমাজি জিলাৰ চিলাপথাৰত স্থাপন কৰা হৈছে লুইত এৰো প্রডাক্ট নামৰ গেছ উৎপাদন প্লাণ্ট৷
দৈনিক চাৰি টনকৈ গেছ উৎপাদনৰ ক্ষমতাসম্পন্ন ঔদ্যোগিক প্রকল্পটোৱে সাম্প্রতিক সময়ত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণত আক্রান্ত চিকিৎসাধীন ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ কিছু পৰিমানে দূৰ কৰিব ৷ গেছ প্লাণ্টটোৱে উজনিৰ ধেমাজি, ডিব্রুগড, লখিমপুৰ জিলাকে ধৰি চুবুৰীয়া জিলাকেইখনত অক্সিজেনৰ নাটনি দূৰ কৰিব ৷
দৈনিক ৪ টন উৎপাদনক্ষম ১৪০০ সৰু–বৰ চিলিণ্ডাৰ মজুত থকা গেছ প্লাণ্টটোত অক্সিজেন, নাইড্র’জেন, মেডিকেল অক্সিজেনৰ উপৰি অন্যান্য গেছ উৎপাদনৰ ক্ষমতা আছে৷ ডিব্রুগড জিলাৰ এজন উদ্যমী থলুৱা ব্যৱসায়ী হলিৰাম ফুকনে চিলাপথাৰ নগৰৰ চিলা জনজাতিত স্থাপন কৰা গেছ প্রকল্পটো যোৱা ২৩ এপ্রিলত শুভ উদ্বোধন কৰা হয়৷
স্বাস্থ্যমন্ত্ৰীৰ বক্তব্য মতেও বৰ্তমান সময়ত অসমত অক্সিজেনৰ নাটনী হোৱা নাই ৷ দেশৰ ভিন্ন ৰাজ্যত অক্সিজেনৰ নাটনীৰ ৰূপ দেখিয়েই আমাৰ ৰাজ্যতো অক্সিজেন ক্ৰয় কৰি জমা কৰাৰ দৰে কাৰ্যত নামিছে ৷ ইয়াৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত নাই ৷ পৰিস্থিতি অধিক অবনতি যাতে নহয় তাৰ বাবে হবলগা সজাগতাৰ ক্ষেত্ৰত জনসধাৰনে গুৰুত্ব দিয়াৰ ক্ষেত্ৰত হেমাহী কৰা দেখা যায় ৷