গুৱাহাটী : ক’ভিড-১৯ৰ বিৰুদ্ধে অসমৰ চলি থকা যুঁজক সমৰ্থন কৰি, টিএমটি বাৰৰ অন্যতম আগশাৰীৰ উৎপাদক আৰু নিৰ্মাতা শ্যাম ষ্টীল ইণ্ডিয়াই অসম চৰকাৰক অক্সিজেন কনচেণ্ট্ৰেটৰ দান কৰিছে। কোম্পানীটোৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰক ২৫ টা অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰদান কৰে।
“মহামাৰীৰ বিৰুদ্ধে যুঁজত আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰ সামূহিক প্ৰচেষ্টা আৰু যুঁজাৰু মনোভাৱক আমি অভিবাদন জনাইছো। ক’ভিড কেছৰ চিকিৎসাত অক্সিজেন কনচেণ্ট্ৰেটৰবোৰ যথেষ্ট কাৰ্যকৰী হোৱা দেখা গৈছে। আমি আগন্তুক দিনত অসম চৰকাৰক অধিক সমৰ্থন আগবঢ়াম। আমি আশাবাদী যে আমাৰ দেশবাসীৰ প্ৰতি সঠিক সম্পদ আৰু সহানুভূতিৰ সৈতে, আমি কেৱল এই সংকটৰ পৰাই বাচি নাথাকিম, লগতে শক্তিশালী হৈ ওলাই আহিম”, শ্যাম ষ্টীল ইণ্ডিয়াৰ সঞ্চালক ললিত বেৰিৱালাই কয়।
লগতে পঢ়ক : অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰাৰ নিৰ্দেশ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
প্ৰথম ঢৌৰ বিপৰীতে, ক’ভিডৰ দ্বিতীয় ঢৌত অধিক ক’ভিড ৰোগী শ্বাসকষ্টত ভুগি আছে, যাৰ ফলত এইবাৰ অক্সিজেনৰ অধিক প্ৰয়োজন হৈছে। সৰ্বাধিক সংখ্যক লোকৰ জীৱন ৰক্ষাৰ লক্ষ্যৰে শ্যাম ষ্টীল ইণ্ডিয়াই অসম চৰকাৰক মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজত সকলো ধৰণৰ সমৰ্থন আগবঢ়াব বুলিও জানিবলৈ দিয়ে শ্যাম ষ্টীল ইণ্ডিয়াৰ সঞ্চালক ললিত বেৰিৱালাই।