ছয়গাঁও : দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং জীয়াকুৰত কিছুদিন পূৰ্বে পি কে ইটা ভাটাক লৈ অনুষ্ঠিত হৈছিল এখন সভা। উক্ত সভাত দক্ষিণ সৰু বংশৰ মৌজা কমিটিয়ে ইটা ভাটাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ১ নং জীয়াকুৰত স্থাপন কৰা ইটা ভাটাটো অবৈধ বুলি প্ৰকাশ কৰি গাঁৱৰ গাঁওপ্ৰধান পৱণ কলিতাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল।

আজি উক্ত মৌজা কমিটিৰ কথাক নসাৎ কৰি পি কে ব্ৰীক ইন্ডাষ্টিৰ তৰফৰ পৰা আয়োজন কৰা এক সংবাদমেলত অভিযোগ সমূহ খণ্ডন কৰি বিভাগীয়ভাৱে ইটা ভাটাটো নিৰ্মাণৰ অনুমতি লাভ কৰা বুলি উল্লেখ কৰে। ভাটাটোৰ মালিক ৰমেন কলিতা, গাঁও প্ৰধান পৱণ কলিতা, গাঁও উন্নয়ণ সমিতিৰ সভাপতি যোগেশ্বৰ কলিতা সংবাদ মেলত উপস্থিত আছিল।

লগতে পঢ়ক  : দিখৌমুখত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিশাল মানৱ শৃংখল কাৰ্যসূচী

সংবাদ মেলত ইটা ভাটাৰ মালিক পক্ষই আনকি গাঁও পঞ্চায়ত, জিলা উপায়ুক্ত কাৰ্যালয়ৰ তথ্য আৰু গাঁৱৰ ৰাইজৰ হস্তাক্ষৰ সম্বলিত তথ্য তথা বিভিন্ন নথি-পত্ৰ সমূহ ৰাজহুৱাভাৱে প্ৰকাশ কৰি চৰকাৰী নীতি নিয়ম অনুসৰি সকলো কাম কৰাৰ কথা প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply