লখিমপুৰ জিলাৰ বধাকৰাত অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিছিং সম্প্ৰদায়ৰ পৰম্পৰাগত উৎসৱ প:ৰাগ বা নৰাছিগা বিহু অনুষ্ঠিত হয় । প:ৰাগ উৎসৱ হৈছে মিচিং জনগোষ্ঠীৰ মূল উৎসৱ ।
আলি আ:য়ে লৃগাং উদযাপন কৰাৰ পিছতে ফাগুন মাহতে উদযাপন কৰে এই প:ৰাগ বা নৰাছিগা উৎসৱ।
অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিং সম্প্ৰদায়ৰ লোক সকলে গাঁওখনৰ মংগলৰ কামনাৰ্থে ”ইন্দ্ৰ দেৱতাক” পূজা কৰি এই উৎসৱ উদযাপন কৰা হয়।
এই প:ৰাগ বা নৰাছিগা উৎসৱতে গাৱঁৰ জীয়ৰী অন্য ঠাইত বিয়া হোৱা সকলো জী- জোঁৱাই আহি একেলগ হৈ আনন্দৰ পৰিৱেশ হোৱা পৰিলক্ষিত হয়।

একেদৰে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৩৬ বছৰৰ অন্তত লখিমপুৰ জিলাৰ বধাকৰাত আয়োজন কৰা হৈছে এই উৎসৱ। পৰম্পৰাগত পঃৰাগ উৎসৱ উপলক্ষে এক উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হৈছে লখিমপুৰৰ বধাকৰাৰ মিগমচুক ক্ষেত্ৰত।
চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় মিছিং জনগোষ্ঠীয় উৎসৱ পঃৰাগ।