নিউজ ডেস্ক: অসমৰ চাহৰ বজাৰত অভিলেখ সৃষ্টি। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে অনুষ্ঠিত এক বিশেষ নিলামত ১ লাখ টকা দৰত বিক্ৰী হয় পাভজান গ’ল্ড টি। উক্ত বিশেষ নিলামত লাভ কৰা এয়া সৰ্বাধিক মূল্য।

অসমৰ এক D2C চাহ ব্ৰেণ্ড ‘এছাহ টি’য়ে সোবাৰে যোৰহাট চাহ নিলাম কেন্দ্ৰত ১ কিলোগ্ৰাম পাভজান গ’ল্ড টি ৯৯,৯৯৯ টকাত পাভজান অৰ্গেনিক টি এষ্টেটৰ পৰা ক্ৰয় কৰে।

নিলামত জয়লাভ কৰাৰ পিছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ‘এছাহ টি’ৰ মুখ্য কাৰ্যবাহী বিষয়া বিজিত শৰ্মাই কয়, ‘’নিলামত জয়লাভ কৰি আমি যথেষ্ট আনন্দিত, ই আমাক গ্ৰাহকসকলক অসমৰ এক অন্যতম উৎকৃষ্ট টি ব্লেণ্ড যোগান ধৰাত সহায় কৰিব। বিশ্বৰ বিভিন্ন ঠাইত আমাৰ গ্ৰাহক আছে আৰু তেওঁলোকে এইবিধ চাহৰ সোৱাদ জুতি আৰু মূল্য বোজে।‘’

এই বিৰল চাহবিধে চাহ ভালপোৱা লোকসকলক এক অনবদ্য অভিজ্ঞতা প্ৰদান কৰিব বুলি তেওঁ লগতে কয়।

আনহাতে, পাভজান অৰ্গেনিক টি এষ্টেটৰ স্বত্বাধিকাৰী ৰাখি দত্ত শইকীয়াই কয়, ‘’আমি চাহ পাতৰ উৎকৃষ্ট সৰু কলিবোৰৰ পৰা এই চাহ প্ৰস্তুত কৰিছো। আমি এইবিধ চাহ মাত্ৰ ১ কেজি প্ৰস্তুত কৰিছিলো। যিটো দামত বিক্ৰী হ’ল সেইটো অভাৱনীয়, ই অসমৰ চাহ উদ্যোগৰ হেৰোৱা যশপুনৰুদ্ধাৰ কৰাত সহায় কৰিব।‘’

লগতে পঢ়ক – সাৱধান! শিক্ষকতাৰ সৈতে একেলগে নচলিব সাংবাদিকতা, এল আই চি এজেন্টৰ কাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply