নিউজ ডেস্কঃ সোমবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰে অসমৰ পৰা নিৰ্বাচিত দুগৰাকী বিজেপি সাংসদ ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে। পবিত্ৰ মাৰ্ঘেৰিটাই অসমীয়াত আৰু ৰণগৌৰা নাৰ্জাৰীয়ে বড়ো ভাষাত শপতবাক্য পাঠ কৰে।

উল্লেখযোগ্য যে, ৰাজ্যসভালৈ অসমৰ পৰা নিৰ্বাচিত হোৱা সাংসদ সকলৰ ভিতৰত পবিত্ৰ মাৰ্ঘেৰিটাই হৈছে কনিষ্ঠ সাংসদ। অসমৰ দুগৰাকী ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা আৰু ৰাণী নৰহৰ আসন খালী হোৱাৰ পাছতে আসন দুখনৰ বাবে অসমত অনুষ্ঠিত হৈছিল নিৰ্বাচন।

এই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মিত্ৰদল ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰীয়ে বিজয়ী হৈ ৰাজ্যসভালৈ গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply