ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নাম আনুষ্ঠানিক ঘোষণা কৰিছে। দলৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক অৰুন সিঙে ঘোষণা কৰা মতে এইবাৰ দলীয় প্ৰাৰ্থী হ’ব পবিত্ৰ মাৰ্ঘেৰিটা। ইয়াৰ ফলত পবিত্ৰ মাৰ্ঘেৰিটা অসমৰ সৰ্ব কনিষ্ঠ ৰাজ্যসভাৰ সাংসদ হোৱাৰ দিশে গতি কৰিছে।
দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে এতিয়াও ঘোষণা কৰা নাই প্ৰাৰ্থী। বহু কেইজন জ্যেষ্ঠ বিজেপি নেতাই বিচাৰিছে টিকট। দ্বিতীয়খন আসনত মিত্ৰদল ইউপিপিএল দলে প্ৰাৰ্থী দিব।
অহা ২১ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন। নিৰ্বাচন অনুষ্ঠিত হ’ব ৩১ মাৰ্চত।
ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ প্ৰাৰ্থী কোন হ’ব এতিয়াও স্পষ্ট হোৱা নাই। বিৰোধীৰ প্ৰাৰ্থী হোৱাৰ বাবে ৰিপুন বৰা আশাবাদী। কংগ্ৰেছৰ পৰা
শ্বেৰমান আলি আৰু শশীকান্ত দাসক নিলম্বন কৰি থোৱা সময়তো তেওলোকে কংগ্ৰেছ প্ৰাৰ্থীকেই ভোট দিব বুলি আশাবাদী ৰিপুন বৰা।
মনোনয়ন দাখিলৰ পূৰ্বে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৈতেও বৈঠকত বহিছে ৰিপুন বৰা।