তেজপুৰঃ থলুৱা আৰু উন্নত জাতৰ ধানৰ ওপৰত পৰীক্ষামূলক আঁচনিৰে শোণিতপুৰ জিলা কৃষি বিভাগে এইবাৰ কৃষি ক্ষেত্ৰত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে।
আনহাতে তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষি পথাৰৰ বাবে সাতটাকৈ সৌৰচালিত জলসিঞ্চন প্ৰকল্প গঢ়ি তোলাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছে বিধায়ক পৃথ্বিৰাজ ৰাভাই।
তেজপুৰৰ দ-পৰ্বতীয়াৰ বাম পথাৰত ১৫ বিধ থলুৱা আৰু উন্নত জাতৰ পৰীক্ষামূলক পেডী কেফেতেৰিয়াৰ শুভাৰম্ভ কৰি বিধায়ক, উপায়ুক্তৰ পৰা কৃষি বিষয়া পথাৰত নামিল ।
সততে কাম বন নকৰা বুলি সঘনাই অভিযোগ উত্থাপিত হৈ থকা কৃষি বিভাগৰ তৎপৰতাত এইবেলি দুগুণ উৎসাহেৰে কৃষি পথাৰত নামি পৰিছে আমাৰ খিলঞ্জীয়া ডেকা শক্তি।
লগতে পঢ়কঃআকাশ চোৱাৰ হেপাঁহ তেজপুৰৰ কৃষ্টিৰ
স্থানীয় অঞ্চলটোৰ উদ্যমী ডেকা শক্তিৰ লগত একেলগে পথাৰত নামি ভূঁই ৰুইছে বিধায়ক সমন্বিতে সকলো বিশিষ্ট ব্যক্তিয়ে।
আচলতে অসম চৰকাৰৰ কৃষি বিভাগে এইবাৰ গ্ৰহণ কৰিছে কৃষি ক্ষেত্ৰত এক বিশেষ পৰীক্ষামূলক আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ “এপাৰ্ট” ৰ জড়িয়তে এইবাৰ কৃষি বিভাগে অসমৰ পৰা লুপ্ত হ’বলৈ উপক্ৰম কৰা থলুৱা জাতৰ ধান সমূহ সংৰক্ষণ কৰি ৰখাৰ সমান্তৰালভাৱে একেখন পথাৰতে কেনেদৰে উন্নত জাতৰ ধানৰ অধিক উৎপাদন বৃদ্ধি কৰিব পাৰি তাৰ বাবে প্ৰত্যেকটি উন্নয়ন খণ্ডতে বিশেষ পেডী কেফেতেৰিয়া আঁচনি গ্ৰহণ কৰাৰ পিছত এনেদৰে পৰ্বতীয়া গাঁও পঞ্চায়তৰ পথাৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ফিটা কাটি এই পেডী কেফেতেৰিয়া শুভাৰম্ভ কৰাৰ পিছত বিধায়কগৰাকীয়ে স্থানীয় কৃষক ৰাইজক উৎসাহিত কৰিবলৈ নিজেও কৃষি পথাৰত নামি ৰুলে ভূঁই।
এনেদৰেই কৃষি পথাৰত নামি আপ্লুত হৈ পৰা বিধায়ক গৰাকীয়ে চৰকাৰী চাকৰি কৰি এ চি ৰুমত বহি কাম কৰাতকৈ কৃষি পথাৰত নামি কাম কৰাৰ আনন্দই সুকীয়া বুলি কৈ তেজপুৰৰ কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থা অধিক বৃদ্ধি কৰা হ’ব বুলি কয় ।
আনহাতে শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসেও এই পৰীক্ষামূলক আঁচনিৰ জৰিয়তে অসমৰ থলুৱা জাতৰ ধান কুনকুনি জহা, ক’লা জহাকে ধৰি সকলো জাতৰ ধান সংৰক্ষিত হৈ ৰ’ব বুলি কয়।
উল্লেখ্য যে, জিলা কৃষি বিষয়া প্ৰকাশ বৰাই এই আঁচনিত ১৫ বিধ থলুৱা আৰু উন্নত জাতৰ ধানৰ পৰীক্ষণ কৰা হ’ব আৰু একে মাটিতে একে পৰিৱেশত আন উন্নত জাতৰ ধানো কেনেদৰে উৎপাদন কৰিব পৰা যাব সেই কথালৈ বিশেষ দৃষ্টি দিয়া হ’ব বুলিও উল্লেখ কৰে।