১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ উদ্ধৱ ভৰালীক। জামিন আবেদন নাকচ হোৱাৰ পিছতে লখিমপুৰ আদালতত উপস্থিত হৈছিল উদ্ধৱ ভৰালী।
ইয়াৰ পূৰ্বে তোলনীয়া জীক যৌন নিৰ্যাতনৰ অভিযোগত উচ্চ ন্যায়ালয়ত খাৰিজ হৈছিল উদ্ভাৱক উদ্ধৱ ভৰালীৰ জামিন আবেদন। তাৰ পাছতে লখিমপুৰৰ আদালতত আত্মসমৰ্পণ কৰে উদ্ধৱ ভৰালীয়ে।
উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰা অন্তৱতী জামিনৰ ম্যাদ উকলিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হীতেশ কুমাৰ শৰ্মাৰ এজনীয়া বিচাৰপীঠে ভৰালীক পুনৰ আগতীয়া জামিন প্রদান কৰিবলৈ অস্বীকাৰ ।
উচ্চ ন্যায়ালয়ত অগ্ৰীম জামিন আবেদন নাকচ হোৱাৰ পিছত উদ্ধৱ ভৰালীৰ মন্তব্য কৰি কয়, মই আইনৰ প্ৰতি বিশ্বাস ৰাখি আত্ম সমৰ্পন কৰিম। মোৰ বিৰুদ্ধে হোৱা নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হ’লো। মই হাৰিলেও এদিন কিন্তু মই জয়ী হ’ম।
আজি ন্যায়লয়লৈ যোৱাৰ আগমূহুৰ্তত ভৰালীয়ে জেলত থকা সময়ত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ নামৰ এখন হাতত পুথি লিখাৰ পৰিকল্পনা কৰাৰ কথাও প্ৰকাশ কৰে। উল্লেখ্য যে, ২০২১ বৰ্ষতে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত উদ্ধৱ ভৰালীৰ বিৰুদ্ধে তোলনীয়া জীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। সেই সন্দৰ্ভতে POCSO আইনৰ অধীনত ভৰালীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।
লগতে পঢ়ক- চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব দিল্লীৰ ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা