নিউজ ডেস্কঃ চলিত বৰ্যৰ গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত ভাৰত চৰকাৰে ঘোষণা কৰিছিল ২০২৩ বৰ্ষৰ পদ্ম বঁটা। দেশৰ মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছিল ২০২৩ বৰ্ষৰ পদ্ম বঁটা।

১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত আছিল অসমৰ তিনি গৰাকীকৈ ব্যক্তিৰ নাম। তেওঁলোক ক্ৰমে মুখাশিল্পী হেম চন্দ্ৰ গোস্বামী, বয়ন শিল্পী হেমপ্ৰভা চুতীয়া আৰু সমাজকৰ্মী ৰামকুইৱাংবে জেনে। এই তিনি ব্যক্তিলৈ ভাৰত চৰকাৰে ২০২৩ বৰ্শৰ পদ্মশ্ৰী বঁটা আগবঢ়াইছে।

বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় পদ্ম সন্মান প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানতেই অসমৰ তিনি ব্যক্তিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা লাভ কৰে দেশৰ সন্মানীয় পদ্মশ্ৰী বঁটা।

মুখাশিল্পী হেম চন্দ্ৰ গোস্বামীয়ে মুখা শিল্পৰ লগতে সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।

ইফালে, বয়ন শিল্পী হেমপ্ৰভা চুতীয়াই অসমীয়া স্বাভিমান গামোচাত গুণমালা আৰু নামঘোষা বোৱাৰ বাবে আৰু ৰামকুইৱাংবে জেনেয়ে ডিমা হাছাও জিলাৰ হেৰেকা সংস্কৃতিক কেইবা দশক জুৰি আগঢ়োৱা অনবদ্য অৱদানৰ বাবে দুয়ো গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।

লগতে পঢ়ক – প্ৰাদেশিকীকৰণ কৰা হ’ব চাহ বাগিচাৰ ৪২২ খন বিদ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply