ধেমাজি : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডল বিভাগে ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদলনি বুঢ়াকুৰীৰ এখনি ৰাজহ গাঁৱত এটি কোটি টকীয়া পানী যোগান আঁচনিৰ নাম ফলক আঁতৰোৱা হ’ল। চৰকাৰে বুঢ়াকুৰী পানী যোগান আঁচনি কেন্দ্ৰ বুলি স্বীকৃতি নাম থকা পিছতো গাওঁখনৰ কেইজনমান ঠিকাদাৰ আৰু একাংশ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া আৰু অভিযন্তাই মইমতালিভাৱে উক্ত পানী যোগান আঁচনিৰ কেন্দ্ৰৰ ফলকত বুঢ়াকুৰী নামৰ পৰিৰ্বতে পাকিস্তান চুবাপানী বুলিহে লিখি নাম ফলক আঁৰি থয়।
এনে অবিবেচক কাণ্ডহীন কাৰ্য্যকলৈ স্হানীয় অঞ্চলবাসীৰ ৰাইজৰ লগতে ধেমাজিবাসীৰ বহু কেইটা সংগঠনে ক্ষুব্ধ হৈ উঠাৰ উপৰিও বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইপিনেদি বুধবাৰে ধেমাজি জিলা বীৰ লাচিত সেনাৰ কৰ্মীসকলে পানী যোগান কেন্দ্ৰত উপস্থিত হৈ এনে কাৰ্য্যক প্ৰতিবাদ জনাই বিভাগীয় কৰ্তৃপক্ষক চূড়ান্ত সকীয়নি দিয়াৰ পিছত সংগঠনটোৱে নাম ফলক অৰাঁৰ স্হানত উপস্হিত হৈ বিভিন্ন শ্লগানেৰে বিতৰ্কিত নাম ফলকখনত হাতুৰিৰে প্ৰহাৰ কৰি লণ্ডভণ্ড কৰাৰ লগতে নাম ফলকখন আঁতৰাই পেলায়৷
লগতে পঢ়ক : কৰ’নাৰ আতংকৰ মাজতে আহিছে ‘জিকা’ ভাইৰাছ
জনস্বাস্থ্য কাৰিকৰী বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অবিবেচক কাণ্ডৰ বাবে সৃষ্টি হোৱা পৰিস্হিতিক লৈ ধেমাজি গোগামুখ, ঘিলামৰা আৰু বৰদলনি অঞ্চলত বিৰুপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ ইফালে এই ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। স্থানীয় বিধায়ক ৰণোজ পেগু আৰু জল জীৱন মিছনৰ সঞ্চালকৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হোৱা বুলিও জানিবলৈ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। এতিয়া প্ৰশ্ন হ’ল কাৰ দায়িত্বহীনতাৰ বাবে বিসংগতি সংঘটিত হ’ল ?