নিউজ ডেস্কঃ ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে দেশবিৰোধী গতিবিধি। NIA ৰ তথ্যৰ ভিত্তিত নগাঁৱ আৰক্ষীয়ে নিশা বিভিন্ন ঠাইত অভিযান চলাই।
নগাঁৱৰ পৰা আৰক্ষীয়ে য়ে পাঁচজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে।
জানিব পৰা অনুসৰি, পাকিস্তানী চোৰাংচোৱাক ম’বাইল ছিম কাৰ্ড যোগানৰ ধৰাৰ লগতে বিভিন্ন তথ্য যোগান ধৰিছিল মূল মাষ্টাৰমাইণ্ড বাহাৰুল ইছলাম। মৈৰাবৈৰী সৰুচলাত মোবাইলৰ দোকান দি পাকিস্তানী এজেণ্টক সহায় কৰি আহিছিল ধৃত বাহাৰুলে।
ধৃত বাহাৰুল ইছলাম লগতে আছিকুল ইছলাম, বদৰুদ্দিন, মিজানুৰ ৰহমান আৰু ৱাহিদুজ জামানক NIAৰ দলে প্ৰেপ্তাৰ কৰিছে।
অভিযানৰ সময়ত NIA ৰ দলে ১৮টা ম’বাইল, ১৩৬খন ছিমকাৰ্ড, বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক – প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অসমত প্ৰথমবাৰৰ ৰাজ্যিক কেবিনেট বৈঠক