নিউজ ডেস্ক: ৰাজ্যৰ প্ৰশাসনত আকৌ ব্যাপক ৰদবদল কৰিছে ৰাজ্য চৰকাৰে । কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্বত থকা বিশ্বজিৎ পেগুক ডিব্ৰুগড়ৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। আনহাতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক।
ডিমা হাচাওৰ উপায়ুক্ত পল বৰুৱাক চৰাইদেউ জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।আনহাতে বিত্তীয় পৰিদৰ্শন সঞ্চালক তথা অসম চৰকাৰৰ অতিৰিক্ত সচিব নাজৰীন আহমেদক ডিমা হাচাওৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।
বিশ্বনাথৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাক দৰং জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰাৰ বিপৰীতে পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক দেৱ কুমাৰ মিশ্ৰক বিশ্বনাথৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।
দক্ষিণ শালমাৰাৰ উপায়ুক্ত এইচ এন গৌতমক নগাঁওৰ উপায়ুক্ত হিচাপে বদলি কৰাৰ বিপৰীতে হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত পল্লৱী সৰকাৰক দক্ষিণ শালমাৰাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।
বিজনীৰ অতিৰিক্ত উপায়ুক্ত দিবাকৰ নাথক কাৰ্বি আংলঙলৈ বদলি কৰি উপায়ুক্ত হিচাপে বদলী কৰা হৈছে। আনহাতে অসম চৰকাৰৰ উপ-সচিব, জল জীৱন মিছনৰ যুটীয়া মিছন সঞ্চালক মৃদুল যাদৱক কৰিমগঞ্জৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।
ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ যুটীয়া সচিব কৃষ্ণা বৰুৱাক পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।
ডিব্ৰুগড় সদৰৰ এছ ডি অ’ মাচান্দু মাগদালিন পাৰ্টিনক গোসাইগাওৰ অতিৰিক্ত উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। আনহাতে গোসাইগাঁৱৰ এছ ডি অ’ (চিভিল) ৰাহুল কুমাৰ গুপ্তাক বিজনীলৈ এছ ডি অ’ হিচাপে বদলী হৈছে।
কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰাক অসম চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। আনহাতে হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত বিবেক শ্যামক দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ।
কৃষি, পশুপালন, ফিচাৰি বিভাগৰ অতিৰিক্ত মুখ্য সচিব, কৃষি উৎপাদনৰ আয়ুক্ত CMSGUY ৰ চি ই অ’ ৰবি শংকৰ প্ৰসাদক পৰিৱেশ, বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বদলি কৰাৰ লগতে অসম প্ৰশাসনীয় মহাবিদ্যালয়ৰ ডাইৰেক্তৰ অফ জেনেৰেল হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে।
অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰধান সচিব, ARIASৰ ষ্টেট প্ৰজেক্ট ডাইৰেক্টৰ ড০ আশীষ কুমাৰ ভূটানিক কৃষি উৎপাদন আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব হিচাপে অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।
অসম চৰকাৰৰ পৰিৱেশ আৰু বন, ৰাজহ আৰু ডি এম ডি ই পি ইউৰ প্ৰধান সচিব, দিল্লীৰ অসম ভৱনৰ অতিৰিক্ত আৱাসিক আয়ুক্ত, অবিনাশ পুৰুষোত্তম দাস যোশীক অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান সচিব দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁক অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ প্ৰধান সচিব হিচাপে অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।
লগতে পঢ়ক- লাভলীনা বৰগোহাঁইলৈ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা