তেজপুৰঃ কিছুদিন পূৰ্বে বিধ্বংসী অগ্নিকাণ্ডই নিমিষতে ছাই কৰি পেলোৱা তেজপুৰ চ’ক বজাৰৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে।

বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় তিনি শতাধিক দোকান নি:চিহ্ন হৈ পৰাৰ লগতে পাঁচ শতাধিক ব্যৱসায়ীৰ পৰিয়ালৰ লগতে এই দোকান সমূহত কৰ্মৰত হৈ থকা সহস্ৰাধিক ব্যক্তিৰ পৰিয়ালৰ আৰ্থিক সকাহক লৈ ইতিমধ্যে তেজপুৰৰ অসমীয়া ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠান ব্যক্তিয়ে তৎপৰতা গ্ৰহণ কৰিছে ।

এটা নিশাতেই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত নিমিষতে নি:শেষ হৈ পৰা তেজপুৰৰ ব্যৱসায় – বাণিজ্যৰ কেবা শতিকা জোৰা ইতিহাসৰ সাক্ষী তেজপুৰ চক বজাৰৰ ধ্বংসস্তুপৰ সকলো দিশ এনেদৰে তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে সাংসদ গৰাকীয়ে ।

অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ পিছত সাংসদগৰাকীয়ে এই সমস্যা সমাধানৰ বাবে উপায়ুক্তৰ সৈতে আলোচনা কৰা হৈছে বুলি মন্তব্য কৰিছে।

শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰাৰ অন্তত এই গুৰুতৰ সমস্যা হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী সু পৰিকল্পিত আঁচনিৰে সমাধান কৰাৰ কথা ব্যক্ত কৰিছে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে।

আৰু পঢ়কঃসোণাৰিত বিশ্ব ধাত্ৰী দিৱস উদযাপন



Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply