গুৱাহাটীঃ ৰাজ্যত বৃদ্ধি পাইছে মানৱ সৰবৰাহকৰী চক্ৰ। সময়ে সময়ে এই মানৱ সৰবৰাহকৰী চক্ৰ আৰক্ষীৰ জালত পৰিছে যদিও বৰ্তমানেও প্ৰশাসনে এই চক্ৰ নিঃশেষ কৰিব পৰা নাই। বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰে মানৱ সৰবৰাহৰ লগত জড়িত এগৰাকী মহিলা। ধৃত মহিলাগৰাকীৰ নাম আলিমা চৌধুৰী৷

উল্লেখ্য যে, মুম্বাইলৈ অসমৰ যুৱতী সৰবৰাহ কৰা প্ৰবঞ্চক জাকিৰুল হকক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই জাকিৰুল হকৰ সহযোগী আলিমা চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে। বলিউডত অভিনয়ৰ সুযোগ দিয়াৰ চলেৰে বহু যুৱতীক সৰবৰাহ কৰিছিল জাকিৰুল আৰু মহিলাগৰাকীয়ে৷

লগতে পঢ়কঃমহানগৰীত ৮কোটি টকাৰ মূল্যৰ ড্ৰাগছসহ চাৰিজন আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply