জামুগুৰিহাটঃ জামুগুৰিহাটৰ অসম-অৰুণাচল সীমান্তৰ ৰতনপুৰত এটা দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ।
স্থানীয় ৰাইজে বন্য প্ৰাণীটো প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰি প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীক খবৰ দিয়ে।
ৰাইজৰ সহযোগত সৌৰভ বৰকটকীয়ে বনৰৌটো দিপলোঙা বন বিভাগক চমজাই দিয়ে।
অসম অৰুণাচল সীমান্তৰ ৰতনপুৰৰ পৰা দিপলোঙা বনাঞ্চলিক বিষয়াই বনৰৌটো চমজি লৈ সাংবাদিকৰ তৎপৰতা চিজুচাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে ।