গুৱাহাটী : অভিশপ্ত ‘মা কমলা’ৰ স্বত্বাধিকাৰী পানীৰাম কলিতাই জামিন লাভ কৰিলে। নিমাতিঘাটত দুই ফেৰীৰ মাজত হোৱা সংঘর্ষত ডুব গৈছিল ‘মা কমলা’ নামৰ ফেৰীখন।
যোৱা ৮ ছেপ্টেম্বৰত যোৰহাট জিলাৰ নিমাতিঘাটত সংঘটিত হৈছিল এক ভয়াবহ ফেৰী দুর্ঘটনা। এই দুৰ্ঘটনাত ‘মা কমলা’ নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যোৱাত নিহত হৈছিল তিনিজনকৈ লোক।
ঘটনাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল ‘মা কমলা’ নামৰ ফেৰীখনৰ স্বত্বাধিকাৰী পানীৰাম কলিতাৰ লগতে ফেৰীখনৰ কৰ্মচাৰী সকলক। বৃহস্পতিবাৰে নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ অভিযুক্তসকলক জামিন প্ৰদান কৰা হয়।
লগতে পঢ়ক : দক্ষিণ শালমাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত নিহত এজন
সত্ৰ ন্যায়াধীশ আদালতে মঞ্জুৰ কৰে জামিন। আইডব্লিউটিৰ কৰ্মচাৰীসকলেও জামিন লাভ কৰে। উল্লেখ্য যে ফেৰী দুৰ্ঘটনাৰ পিছত মুঠ ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।