নিউজ ডেস্কঃ বিশিষ্ট সাহিত্যিক, অনুবাদক, সাহিত্য সমালোচক পংকজ ঠাকুৰ আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থতাৰ মাজতে দিন কৰাৰ পাছত অৱশেষত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। পাৰ্কিনছন আৰু ডাইমেনিয়া ৰোগত আক্ৰান্ত হৈ আছিল ঠাকুৰ। অসমৰ সাহিত্য জগতখনত তেওঁৰ মৃত্যুৰ পাছতে শোকৰ ছাঁ পৰিছে।
উল্লেখযোগ্য যে, সাহিত্য সেৱাত ব্রতী প্রয়াত ঠাকুৰে বিশ্বাস পাটিল ৰচিত মাৰাঠী উপন্যাসৰ অসমীয়া অনুবাদ ‘বিদিশ বাঘজাই’ৰ বাবে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল। প্ৰয়াত ঠাকুৰদেৱ গুৱাহাটীৰ চেণ্টিনেল কাকত গোষ্ঠীৰ সৈতে জড়িত আছিল আৰু এই গোষ্ঠীৰ দ্বাৰা প্রকাশিত বহু কেইখন আলোচনী সম্পাদনা কৰিছিল তেওঁ।
ইফালে, তেওঁৰ মৃত্যুত অসম সাহিত্য সভায়ো শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই শোকবাৰ্তাত কয় যে- বিশিষ্ট সাহিত্য সমালোচক , অনুবাদক তথা সাহিত্যসেৱী পংকজ ঠাকুৰৰ মৃত্যুত অসম সাহিত্য সভাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো।