জামুগুৰিহাটঃ শোণিতপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত আজি পৰিয়াল পৰিকল্পনা মেলা ২০২২ অনুষ্ঠিত হয় ৷ জামুগুৰিহাটৰ পানপুৰ উপ স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগনত পুৱা পৰিয়াল পৰিকল্পনা মেলাৰ শুভ উদ্বোধন কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা পাচঁগাওঁ উন্নয়ন সমিতিৰ সভাপতি নাৰদ শৰ্মাই ৷

লগতে পঢ়কঃনাৰায়ণপুৰত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত দুই শতাধিক পৰিয়াল

সভাৰ সভাপতিত্ব কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি নাৰদ শৰ্মাই আৰু নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি মদন কৈৰালাই আঁত ধাৰ সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° ৰূপক বৰুৱাই ৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অনুসূচীত জাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ পবিত্ৰ দাসে ৷ চিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত কণ কণ শিশুৰ লগতে অন্যান্য শিল্পী সকলে পৰিবেশন কৰা গীত নৃত্যই সকলোৰে মন জয় কৰিবলৈ সক্ষম হয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply